নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিনীপুৰ গাঁও পঞ্চায়তত দুৰ্নীতি-অনিয়মেৰে নিৰ্মাণ কৰা কালভাৰ্টৰ কাম কৰি পুনৰ নিৰ্মাণৰ দাবী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ অন্তৰ্গত মালিনীপুৰ গাওঁ পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

মালিনীপুৰ গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডত ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ চতুৰ্দশ বিত্তীয় পৰিকল্পনা আঁচনিৰ অধীনত চিলাপথাৰ অমৃতপুৰ পথৰ পৰা নমঃশূদ্ৰ গাওঁ হৈ কঠালগুৰী সংযোগী পথত সাত লাখ টকা ধাৰ্য্যকৃত পুঁজিৰে নিৰ্মাণৰত দুটা বক্স টাইপ কালভাৰ্টৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱাৰ লগতে এটা পুৰণি কালভাৰ্টৰ সৈতে সংযোগ কৰি দুৰ্নীতি-অনিয়ম চলাই থকা বুলি স্থানীয় ৰাইজে অনা অভিযোগৰ ভিত্তিত আঁচনিৰ কাম পৰিদৰ্শন কৰে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিয়ে।

উল্লেখ্য যে জোনাইৰ বিধায়ক ভূবন পেগুয়ে মালিনীপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী জোনাকি প্ৰধান, কাউঞ্চিলৰ শিৱ কুমাৰ ৰাই আৰু ৮ নং ৱাৰ্ডৰ সদস্যা মঞ্জু সোনোৱালৰ উপস্থিতিত উদ্ধোধন কৰা চৰকাৰী আঁচনিখন নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে । অতি নিম্নমানৰ কামৰ লগতে এটা পুৰণি কালভাৰ্টৰ সৈতে সংযোগ কৰি ৰূপায়ণ চলাই থকা চৰকাৰী আঁচনিখনৰ নিৰ্মাণত ৱাৰ্ড সদস্যা, ঠিকাদাৰ আৰু কনিষ্ঠ অভিযন্তা গৰাকী জড়িত হৈ আছে ৰাইজ আৰু সংগঠনৰ নেতৃত্বই অভিযোগ উত্থাপন কৰিছে ।

You might also like