নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাছিঘাটত ক’ৰোনামুক্তক ফুলৰ থোপাৰে বিদায় সম্ভাষণ

নিয়মীয়া বাৰ্তা ২১ জুনঃ অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত দেওবাৰে ক’ৰোনাৰ পৰা মুক্ত হোৱা চাৰিজন লোকক চিকিৎসালয়ৰ পৰা মুকলি কৰা হয় । ক’ৰোনাৰ পৰা মুক্ত হোৱা লোককেইজনৰ ভিতৰত দুজন স্বাস্থ্যকৰ্মীও আছে । ইয়াৰ ফলত পূৱ চিয়াং জিলাত সক্ৰিয় ক’ৰনা আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ হ্ৰাস পায় । দেওবাৰে উত্তৰ পূৱ লোকঔষধী প্ৰতিস্থানৰ প্ৰাঙ্গনত অনুস্থিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানত ক’ৰোনামুক্ত লোককেইজনক বিদায় সম্ভাষণ জনোৱা হয় ।

উক্ত অনুষ্ঠানত স্থানীয় বিধায়ক কালিং ময়ংগ, জিলা উপায়ুক্ত ডাঃ কিন্নি সিংহ, জিলা স্বাস্থ্য বিষয়া ডাঃ কালিং ডাইৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিদায়পৰ্বত চাৰিওজন ক’ৰোনামুক্তকে ফুলৰ থোপা আৰু ক’ৰনামুক্তৰ প্ৰমানপত্ৰ যাঁচি হাতচাপৰিৰে বিদায় দিয়া হয় ।

You might also like