ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ লাইভ কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন
নিয়মীয়া বাৰ্তা, ২১ জুন: সমগ্ৰ বিশ্বতে ক’ ৰোণাৰ প্ৰভাৱ যাৰ ফলত শিক্ষানুস্থান সমূহ এতিয়াও বন্ধ হৈ আছে।
এই সময়তেই দক্ষিণ কামৰূপৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ১৫ আৰু ১৬ জুন তাৰিখে ‘ লাইভ কুইজ ‘আৰু ‘কবিতা আবৃত্তি’ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।
বাসুদেৱ দাসে পৰিচালনা কৰা লাইভ কুইজ প্ৰতিযোগিতাখনিত প্ৰথম স্থান অধিকাৰ কৰে যুগল দাস (মিৰ্জা),দ্বিতীয় স্থান অধিকাৰ কৰে প্ৰণৱ দাস ( কুকুৰমাৰা ) আৰু তৃতীয় স্থান অধিকাৰ কৰে চিত্ৰমণি দাস ( ছয়গাঁও) । কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে মূৰ্চণা দাস(সাতপখলী) , দ্বিতীয় স্থান অধিকাৰ কৰে যুতিকা দাস ( ছয়গাঁও) , তৃতীয় স্থান অধিকাৰ কৰে দীপামণি গোস্বামী ( ছয়গাঁও) লগতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় বিজনজ্যোতি কলিতাই (বাংকাকাটা ) আৰু উদগনিমূলক বঁটা লাভ কৰে শ্ৰেয়াষ কাশ্যপে (বামুণীগাঁও )।
উক্ত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক আজি পুৰস্কাৰ অাৰু মানপত্ৰ সমূহ বিতৰণ কৰিবৰ বাবে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত বঁটা বিতৰণী অনুস্থান এখন পতা হয় ।
ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত ৰাজনৈতিক বিশ্লেষক তথা কবি চিন্ময় কলিতা উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে মন্তব্য আগবঢ়োৱাৰ লগতে এনেকুৱা ধৰণৰ অনুস্থানৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয় ।
অনুষ্ঠানটিত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শচীন দাস , কামৰূপ জিলা ছাত্ৰ সন্থাৰৰ সাহিত্য সম্পাদক ভৱেশ দাস , ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নুৰ ইচলাম আদিকে ধৰি ভালেকেইগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে।