নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ জুন, আহাৰ মাহৰ ৭ তাৰিখ

মেষ- মাংগলিক কিবা কাম কৰো বুলি ভাবিছে যদি দিনৰ ২.০৫ শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫৷
বৃষ- পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ বিদ্যাত উন্নতিৰ আশা দেখিলেও বাধা পাব, বন্ধু নিঃসংগতা৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মিথুন- কোনো সম্পদৰ প্রতি নজৰ ৰাখক৷ হাতৰ পৰা সুযোগ সৰকি নাযায় সাৱধান হওক৷ কোনোৱে ভৱিষ্যতৰ বাবে আশা দেখিব৷ সন্তানৰ বাবে কিছু চিন্তা৷ দাম্পত্যতো তদ্রূপ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কর্কট- বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে৷ কিন্তু তাতো বৰ সফল নহ’ব৷ গতানুগতিক কামত বেছি বাধা নাই৷ দাম্পত্যত ভালেই৷ সন্তানৰ চিন্তা নাথাকিব৷ নতুন সংযোগত বিৰাগ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২৷
সিংহ- দৃঢ়তম পোষণ কৰিব সুখী হ’ব৷ কিন্তু আপোনাৰ এই মতক সকলোৱে মানি নল’ব৷ বিৰক্তি আৰু কিছুমান বাঞ্ছিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ১৷
কন্যা- এটাৰ পিছত এটা আহুকাল এৰাব পৰা টান৷ তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব৷ আপোনাৰ স্বকর্মৰ প্রতি কিছুমান অহমিকাই ভৱিষ্যতৰ উন্নতিত হেঙাৰ দিব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮৷
তুলা- মধ্যম ফল৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব লগতে আপোনাৰ দক্ষতাৰ প্রতি কোনো আনুষ্ঠানিক আহ্বান আহিব৷ বিদ্যাত জটিল চিন্তা এৰাব পাৰি৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
বৃশ্চিক- কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ দিনৰ ১১.৩০ বজাৰ পৰা এনে সংযোগ দেখা যাব৷ দাম্পত্যত আনন্দ৷ কিন্তু সকলো কথাৰ বাবে উৎকণ্ঠিত হোৱাৰ আশংকা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
ধনু- শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে৷ বিশেষকৈ দুর্বল আৰু বয়স্থসকল বিদ্যাত যত্নৰ ত্রুটি নকৰিব৷ একেদৰে লাগি থকা কর্মতো পিছুৱাই নাযাব৷ আর্থিকত উন্নতিৰ বাধা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
মকৰ- আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ কোনো প্রশংসনীয় বিষয় বা তেনে লোকৰ লগত সু–সম্বন্ধ গঢ়িব পাৰে৷ বিদ্যাত মাধ্যম৷ শৰীৰ সম্পর্কীয়৷ দুশ্চিন্তাৰ প্রয়োজন নাথাকিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
কুম্ভ- মনত অত্যন্ত কুটিল প্রশ্ণই তোলপাৰ লগাব পাৰে৷ অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্রমাণিত হ’ব৷ দাম্পত্যত চিন্তা৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
মীন- মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বেছি৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ কিন্তু নিজৰ ভৱিষ্যৎ সম্পর্কে চিন্তিত হোৱাৰ যোগ থাকিব৷ দুপৰীয়াৰ পৰা সাৱধান হওক৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা, ৬৷

You might also like