নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাটবিহুক লৈ ৩৫ কোটি টকীয়া আঁচনি গ্রহণ; আকর্ষণীয় পর্যটন কেন্দ্র গঢ়াৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ২২ জুন:  বিহু উদ্যাপনৰ ক্ষেত্রত অনন্য আৰু একক বৈশিষ্ট্যৰ বাবে সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা ঢ়কুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু আৰু ঢকুৱাখনা নগৰৰ মাজমজিয়াৰ ম’হঘুলি চাপৰিস্থ উদ্যাপনতলীখন আকর্ষণীয় পর্যটন ক্ষেত্র হিচাপে বিকশিত কৰিব অসম চৰকাৰে৷

ইয়াৰ বাবে ৩৫ কোটি টকাৰ এক আঁচনি বিস্তৃত প্রকল্প প্রতিবেদন ইতিমধ্যে প্রস্তুত কৰা হৈছে৷ আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন তথা সাংস্কৃতিক পৰিক্রমা আদি দপ্তৰৰ মন্ত্রী নৱ কুমাৰ দলেই৷

অসম দর্শন আঁচনিৰ ১২.৮৭ লাখ টকাৰে ঢ়কুৱাখনা–ঘুণাসুঁতি পথৰ পৰা ফাটবিহুতলীলৈ নির্মাণ কৰিব লগা পথটোৰ কামৰ শুভাৰম্ভ কৰি দিয়া ভাষণত মন্ত্রী দলেই এই কথা প্রকাশ কৰে৷ এখন কাৰিকৰী পৰামর্শদাতা প্রতিষ্ঠানে ক্ষেত্র অধ্যয়ন কৰি প্রাক্কলন সম্পূর্ণ কৰিছে৷

You might also like