আঞ্চলিক লখিমপুৰত ৰেপিট টেষ্টত বাৰম্বাৰ পজিটিভ ফলাফল চিকিৎসকৰ By নিয়মীয়া বাৰ্তা On Jun 22, 2020 Share নিয়মীয়া বাৰ্তা, ২২ জুনঃ লখিমপুৰত তিনিবাৰ ছোৱাব টেষ্টৰ ফলাফল নিগেটিভ হোৱা আৰু ৰিলিজ লৈ চিকিৎসালয়ৰ পৰা ওলাই যোৱা এজন চিকিৎসক পুনৰ পজিটিভ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ এই চিকিৎসকজন হ’ল ডাঃ হাছিদ জামান৷ পানীগাঁৱৰ অ’পিডি কলেজৰ কোৱাৰেণ্টাইন কেন্দ্রৰ তত্ত্বাৱধায়ক ৰূপে থকা ডাঃ জামান যোৱা এক জুনত ক’ভিড–১৯ পজিটিভ বুলি ধৰা পৰিছিল৷ তেওঁক লখিমপুৰ চিভিল হাস্পতালত ভর্তি কৰি নির্দিষ্ট সময়ৰ মূৰে মূৰে তিনিবাৰকৈ কৰা ছোৱাব টেষ্টৰ ফল নিগেটিভ হয়৷ যাৰ বাবে তেওঁক যোৱা ১৫ জুনত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ সহকর্মীয়ে দিয়া গামোচা পিন্ধি বিদায় লৈ ওলাই অহা ডাঃ হাছিদৰ ১৬ জুনত পুনৰ এবাৰ ছোৱাব সংগ্রহ কৰা হৈছিল৷ এই টেষ্টৰ ৰিজাল্ট যোৱা ১৮ জুনত পজিটিভ হৈ আহে৷ লগে লগে স্বাস্থ্য বিভাগে তেওঁক পুনৰ বিশেষ ব্যৱস্থাৰে ৰাখে৷ পৰৱর্তী সময়ত তেওঁৰ পুনৰ ছোৱাব টেষ্ট কৰা হয় যদিও পজিটিভ ৰিজাল্ট আহে৷ দেওবাৰেও তেওঁৰ ছোৱাব টেষ্টৰ ফলাফল পজিটিভ বুলি আহিছে৷ তিনিবাৰকৈ নিগেটিভ ৰিজাল্ট অহাৰ পাছত পুনৰ পজিটিভ হোৱা আৰু ৰেপিট টেষ্টসমূহত বাৰম্বাৰ পজিটিভ হৈ অহা এই ঘটনাত সকলোৱে আশ্চর্যবোধ কৰিছে৷ Share