নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰে মিত্রতা সন্দর্ভত মুখ নুখুলিবলৈ বিধায়ক–নেতাক নির্দেশ ইউডিএফৰ

নিয়মীয়া বাৰ্তা ২২ জুনঃ কংগ্রেছৰে মিত্রতা সন্দর্ভত কেন্দ্রীয় সমিতিৰ নির্দেশ অবিহনে কোনোধৰণৰ মন্তব্য নিদিবলৈ দলীয় বিধায়ক, নেতা–কর্মীলৈ নির্দেশ জাৰি কৰিছে এ আই ইউ ডি এফে৷ দেওবাৰে গোৱালপাৰাত দলটোৰ নেতৃত্বই এই কথা সদৰী কৰি কয় যে মিত্রতা সন্দর্ভত এ পি চি চিৰ সভাপতি ৰিপুণ বৰা আৰু প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মুকলিকৈ কোৱা কথাক দলটোৱে স্বাগতম জনাইছে৷ অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্রতা হোৱা নাই বুলি স্পষ্ট কৰি দিয়া হয়৷

উল্লেখ্য যে সমাগত বিধানসভা নির্বাচনৰ প্রস্তুতি আৰম্ভ কৰিছে এ আই ইউ ডি এফে৷ সেই উদ্দেশ্যে আজি গোৱালপাৰাত উপস্থিত হয় কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক (প্রশাসনিক) তথা বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, উপ–সভাপতিদ্বয় মুফতি আব্দুল হক আৰু মৌলানা আব্দুল কাদিৰ কাছিমী, সাধাৰণ সম্পাদকত্রয় অধিবক্তা আমিনুল ইছলাম, কৰিম উদ্দিন বৰভূইয়া (ছাজু) আৰু আব্দুল হাই৷ এই সন্দর্ভত চহৰৰ হাছিলাপাৰাত কেন্দ্রীয় কমিটীৰ বিষয়ববীয়াসকলে জিলা কমিটী, জিলাৰ চাৰিটা সমষ্টি কমিটী, জিলা যুৱ মর্চাৰ কমিটী আৰু জিলা ছাত্র মর্চাৰ ধৰি প্রতিখন কমিটীৰ দহগৰাকীকৈ লোকৰ লগত মত বিনিময় কৰি দলৰ সাংগঠনিক ভেটিৰ বুজ লয়৷ ইয়াৰ পিছত এখন সংবাদ মেল সম্বোধন কৰি কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক, অধিবক্তা আমিনুল ইছলামে কয় যে বিশ্বজুৰি আতংক সৃষ্টি কৰা ক’ৰোনাৰ বাবে বিগত সময়ছোৱাত দলৰ কাম–কাজ হোৱা নাছিল যদিও গোৱালপাৰা জিলা কমিটীৰ আহ্বানমর্মে আজি জিলা কমিটী, সমষ্টি কমিটী, যুৱ মর্চা আৰু ছাত্র মর্চাৰ দহগৰাকীকৈ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰি দলৰ ভেটি মজবুত কৰাৰ পৰামর্শ দিয়া হয়৷ আনহাতে বিগত কিছুদিন ধৰি বিভিন্ন প্রচাৰ মাধ্যম আৰু সামাজিক মাধ্যমত কংগ্রেছৰ লগত এ আই ইউ ডি এফৰ মিত্রতা তথা আসনৰ ভাগ–বাটোৱাৰা সম্পর্কে প্রকাশ পাইছে যদিও কংগ্রেছৰ লগত এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্রতা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে আমিনুল ইছলামে৷

অৱশ্যে এই সন্দর্ভত অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এ আই ইউ ডি এফৰ লগত মিত্রতা সম্পর্কে মুকলিকৈ কোৱাৰ বাবে তেওঁঁলোকক স্বাগতম জনায়৷ ইপিনে কেন্দ্রীয় কমিটীৰ নির্দেশ নোপোৱাকৈ যাতে কোনো বিধায়ক তথা দলীয় নেতা–কর্মীয়ে মিত্রতা সম্পর্কে মন্তব্য নিদিয়ে তাৰ বাবে সংবাদ মেলযোগে আহ্বান জনায় আমিনুল ইছলামে৷ সংবাদ মেলত আমিনুল ইছলামে অজিত ভূঞাই নতুনকৈ দল গঠন কৰা বাবে স্বাগতম জনায় আৰু কয় যে অসমৰ বৃহৎ স্বার্থৰ প্রতি লক্ষ্য ৰাখি ধর্মনিৰপেক্ষ দলসমূহৰ লগত মিত্রতা হ’ব পাৰে৷ কংগ্রেছৰ লগত মিত্রতা হ’লে আসন বুজাবুজি সম্পর্কে এৰা–ধৰা কৰিব লাগিব বুলিও তেওঁঁ উল্লেখ কৰে৷ ইপিনে সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহৰ পৰা আসন হেৰুওৱাৰ আশংকাত একাংশ কংগ্রেছী বিধায়ক তথা নেতাই মিত্রতাৰ বিৰোধিতা কৰা সম্পর্কেও তেওঁ কয় যে মিত্রতা হ’লে এৰা–ধৰাৰ মাধ্যমত আসন ঠিক কৰা হ’ব আৰু একাংশই টিকটৰ পৰা বঞ্চিত হোৱাৰ আশংকাত এ আই ইউ ডি এফত যোগদানৰ বাবে যোগাযোগ কৰি আছে যদিও সেয়া দলৰ মজিয়াতে আলোচনা কৰি আৰু তেওঁঁলোকৰ অতীতৰ কার্যকলাপ চাই সিদ্ধান্ত লোৱা হ’ব বুলি সংবাদ মেলযোগে উল্লেখ কৰে দলৰ কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে৷

উল্লেখ্য যে মহামাৰী ক’ৰোনাৰ আতংকৰ মাজতে ৰাজ্যত চলিছে ২০২১ৰ বিধানসভা নির্বাচনৰ কুচকাৱাজ৷ ইতিমধ্যে শাসনাধিষ্ঠিত বিজেপি দলৰ সমান্তৰালভাৱে কংগ্রেছ, এ আই ইউ ডি এফ দলেও দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে৷ ইতিমধ্যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বহুচর্চিত সম্ভাব্য মিত্রতাক লৈ কংগ্রেছ আৰু এ আই ইউ ডি এফ কর্মীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like