নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত ১২ ঘণ্টাত দ্বিতীয়টো ভূমিকম্প, সম্পত্তিৰ ক্ষতিসাধন

নিয়মীয়া বাৰ্তা, ২২ জুনঃ কালি সন্ধিয়া ৪.১৬ বজাৰ পিছত আজি পুৱতিনিশা ৪.১০ বজাত পুনৰ এটা ভূমিকম্পই জোকাৰি গ’ল মিজোৰামক। দুয়োটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মিজোৰামৰ দুই পৃথক অঞ্চল ক্ৰমে ডাৰলন আৰু ছম্ফাই।

৫.৫ ৰিখ্টাৰ স্কেল প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। ভূমিকম্পৰ ফলত গিৰ্জা, বাসগৃহ, ৰাজহুৱা প্ৰেক্ষাগৃহ, বিদ্যালয় আদি ক্ষতিগ্ৰস্ত হয় যদিও সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই প্ৰকাশ কৰিছে।

আনহাতে ভূমিকম্পৰ খবৰ শুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰি ঘটনাৰ বুজ লোৱাৰ লগতে সকলোপ্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।

উল্লেখ্য যে যোৱা ১৮ জুনতো ছম্ফাইৰ পৰা ৯৮ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ৫.০০ প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি গৈছিল মিজোৰামক। আনহাতে, ডাৰলনৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা কালিৰ ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.১ ৰিখটাৰ স্কেল।

You might also like