- প্ৰাক্তন সম্পাদক অজিত শৰ্মাই দোষ স্বীকাৰ কৰি ক্ষমা বিচৰা বুলি প্ৰকাশ কৰিলে মৰিগাঁও জিলা সাহিত্য সভাই
- ৪৫ দিনৰ ভিতৰত প্ৰাক্তন সম্পাদক অজিত শৰ্মাক প্ৰতিমূৰ্তিৰ বাবে আবন্তিত ধন উভতাই দিয়াৰ নিৰ্দেশ , অন্যথ্য আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত মৰিগাঁও জিলা সাহিত্য সভাৰ
- উক্ত সময় সীমাৰ ভিতৰতে সাহিত্য ৰথীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে গঠন কৰি দিয়া হ’ল প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি
নিয়মীয়া বাৰ্তা ২২ জুনঃ অসমীয়া ভাষা সাহিত্যৰ মহান কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা প্ৰতিমূৰ্তি স্থাপনৰ নামত মৰিগাঁও জিলা সাহিত্য সভাৰ একাংশ প্ৰাক্তন বিষয়ববীয়াৰ আমোলত সংঘটিত বিত্তীয় কেলেংকাৰী সন্দৰ্ভত নিয়মীয়া বার্তাত সবিস্তাৰে বাতৰি প্ৰকাশিত হোৱাৰ পিছতে নিজৰ স্থিতি স্পষ্ট কৰিছে মৰিগাঁও জিলা সাহিত্য সভাই। ইতিমধ্যে এই সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণৰ লগতে ৪৫ দিনৰ ভিতৰত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি জিলা কাৰ্যলয় চৌহদত প্ৰতিষ্ঠা কৰাৰ বাবে মৰিগাঁও জিলা সাহিত্য সভাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়াৰ লগতে প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি এখন গঠন কৰি দিছে।
মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা যুগে কৈ যে সাহিত্যৰথী প্ৰতিমূৰ্তি নিৰ্মান বিতৰ্ক সন্দৰ্ভত ছপা আৰু বৈদ্যুতিন মাধ্যমত প্ৰকাশিত হোৱা বাতৰি মৰিগাঁও জিলা সাহিত্য সভাৰ দৃষ্টি গোচৰ হৈছে। ৯/১১/২০১৯ তাৰিখে তদানীন্তন মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীৰ সভাপতিত্বত বহা মৰিগাঁও জিলা সাহিত্য সভাৰ বৰ্ধিত সভাত অৱগত কৰা হয় যে ২০/৮/২০১৬ তাৰিখে মৰিগাঁও জিলা পৰি।পৰিষদৰ পৰা প্ৰতিমূৰ্তি স্থাপনৰ নামত জিলা সাহিত্য সভাৰ একাউন্ট লৈ ২লাখ ৫০ হাজাৰ টকা জমা কৰা হয়। বুবুমণি গোস্বামীৰ অনুসন্ধানৰ জৰিয়তে পোহৰলৈ আহে যে উক্ত সমস্ত ধন জিলা সাহিত্য সভাৰ সকলো কাৰ্য নিৰ্বাহক আৰু কৰ্মকৰ্তাৰ অজ্ঞাতে তদানীন্তন সম্পাদক অজিত শৰ্মাই বেংকৰ পৰা উঠাই।। ঘটনাৰ গুৰুত্ব বুজি জিলা সাহিত্য সভাই তৎকালে প্ৰাক্তন সভাপতি ডঃ নৱকান্ত বৰদলৈ, সাহিত্যিক মিলেশ্বৰ পাতৰ আৰু কোষধক্ষ মহেন্দ্ৰ শইকীয়াক লৈ এক শক্তিশালী তদন্ত কমিটি গঠন কৰি দিয়ে। ২৩/১১/২০১৯ তাৰিখে তদন্ত সমিতিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত তৎকালীন সম্পাদক অজিত শৰ্মাক দায়ী বুলি ঠাৱৰ কৰা হয় আৰু তৎকালীন কোষধক্ষ্য পিনাকী ভূষণ মহন্তক অসাৱধানতাৰ বাবে সতৰ্ক কৰি দিয়ে।২৭/১২/২০১৯ তাৰিখে জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনির্বাহক সভাত প্ৰাক্তন সম্পাদক অজিত শৰ্মাই নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা বিচাৰে। ২৮ফেব্ৰুৱাৰী ২০২০ ৰ ভিতৰত অজিত শৰ্মাই ধন ঘূৰাই দিব বুলি দুই পক্ষৰ মাজত এক কোৰ্ট এগ্ৰিমেন্ট হৈ। কিন্তু পৰৱৰ্তী সময়ত অজিত শৰ্মাই ধন আদায় নিদিয়া ত বাৰে বাৰে চিঠি প্ৰেৰণ কৰিব লগীয়া হয় মৰিগাঁও জিলা সাহিত্য সভাই। অৱশেষত ১৪//৩/২০২০ তাৰিখে অজিত শৰ্মাই ৫০ হাজাৰ টকা সাহিত্য সভাক ঘূৰাই দিবলৈ বাধ্য হৈ যদিও বাকী ধন বৰ্তমানলৈ ঘূৰাই দিয়া নাই।
দেশ ব্যাপী ক’ভিড ১৯ ৰ সংহাৰী ৰূপৰ বাবে লকডাউন হোৱাৰ ফলত সমগ্ৰ বিষয়তো স্থবিৰ হৈ যদিও ২০/৬/২০২০ তাৰিখে অনুষ্ঠিত কাৰ্যনির্বাহক সভাই বিষয়তো অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰি উক্ত তাৰিখৰ পৰা ৪৫, দিনৰ ভিতৰত বাকী থকা 2 লাখ টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়াৰ লগতে ধন আদায় নিদিলে মৰিগাঁও জিলা সাহিত্য সভাই অজিত শৰ্মাৰ বিৰুদ্ধে আইনী প্ৰদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে উক্ত ৪৫ দিনৰ ভিতৰতে সাহিত্য ৰথীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে মহেন্দ্ৰ শইকীয়া, চিমল দেউৰী আৰু ৰোহিনী হাজৰিকা ক লৈ এক প্ৰতিমূৰ্তি নিৰ্মান কমিটি গঠন কৰি দিছে জিলা সাহিত্য সভাই। মৰিগাঁও জিলা সাহিত্য সভাই সদায় দুৰ্নীতিৰ বিৰুদ্ধে আপোচ হীন মনোভাব পোষণ কৰে বুলি উল্লেখ কৰে সভাপতি প্ৰতাপ হাজৰিকাই। মৰিগাঁও জিলা সাহিত্য সভাৰ দৰে সন্মানীয় পদবীত থাকি অসমৰ সাহিত্য জগতৰ মহান কাণ্ডাৰী জনৰ নামত ৰাজহুৱা ধন আত্মসাত কৰা ব্যক্তিক মৰিগাঁও জিলা সাহিত্য সভা আৰু আন আন ৰাজহুৱা অনুষ্ঠান ৰ পৰা বয়কত কৰাৰ আহ্বান জনাইছে মৰিগাঁও ৰ সচেতন মহলে। আনহাতে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰ আমোলত সংঘটিত হোৱা এই লজ্জাজনক কাণ্ডৰ বিৰুদ্ধে আইনী যুজঁ চলাই যাব বুলি ঘোষণা কৰিছে আদালতত গোচৰ কৰি দিগন্ত ডেকাই।