নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্যৰ অভাৱত হাহাকাৰ জোনাইৰ বনাৰ্ত্যৰঃ বিজ্ঞান সন্মত মথাউৰি নিৰ্মাণৰ দাবী আছুৰ

 নিয়মীয়া বাৰ্তা ২২ জুনঃ জোনাই মহকুমাৰ অন্তৰ্গত বেৰাচিপৰিৰ বহুকেইখন গাওঁ লালী (চিয়াং) নদীৰ প্ৰৱল বাঢ়নী পানীয়ে যোৱা কেইবাদিনো ধৰি জলমগ্ন হৈ আছে ৷ কবু চাপৰি , টাৰি মাজ গাঁও, টাৰি কছাৰি, টাৰি বস্তি, বেৰা বেঙ্গলী, বেৰা নগাঁও, মিলন তীৰ্থ, জলডুবি, ৰায় বস্তি, বগীনদী, হৰিপুৰ দেউৰী, নলনী পাম, সোনোৱাল কঠনি আৰু ৰাভাকঠনিকে ধৰি ৩০ খনৰো অধিক গাঁও প্লাৱিত হৈ আছে৷ কিন্তু আজি পৰ্যন্ত জলমগ্ন হৈ থকা গাঁও সমূহৰ ৰাইজে খাদ্য সামগ্ৰিকে ধৰি চৰকাৰী কোনো সাহাৰ্য পোৱা নাই৷
ইফালে অতি পৰিতাপৰ বিষয় বৰ্তমান MGNREGA আঁচনিৰ যোগেদি ৫০ লাখ টকাৰ নিৰ্মীয়মাণ হৈ থকা মথাউৰিটো অতি নিম্নমানৰ কাম হোৱা হেতুকে বেৰাচিপৰি অঞ্চলৰ গাঁও সমূহ জিয়াতু ভূগিব লগা হৈছে৷ MGNREGA আঁচনিৰ যোগেদি উক্ত নদীখনৰ বান্ধ নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়৷
সেইয়ে উক্ত এলেকাত বিজ্ঞান সন্মান পদ্ধতিৰে স্থায়ী বান্ধ নিৰ্মাণ কৰিবলৈ বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰৰ ওচৰত দাবী জনাইছে৷ আজি ধেমাজি জিলা ছাত্র সন্থাৰ উপ সভাপতি ৰাজিৱ গগৈ, সাংগঠনিক সম্পাদক দিলিপ কুটুম আৰু জোনাই মহকুমাৰ ছাত্র সন্থাৰ সভাপতি ৰানজিৎ বসুমতীৰ উপস্থিত থাকি বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মেদিনী দলে, সাধাৰণ সম্পাদক চন্দ্ৰ কান্ত বৰুৱাৰ স্বাক্ষৰিত স্মাৰক পত্ৰখন জোনাই মহকুমাধিপতিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে l বেৰা চাপৰিৰ লালী নদীৰ কাষত শিলৰ স্পাৰ নিৰ্মাণ কৰক, বেৰাচিপৰিত নিৰ্মীয়মান হৈ থকা মথাউৰিত বিজ্ঞান সন্মতভাৱে জিঅটিউৱৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু জলমগ্ন অঞ্চল সমূহত অনতিপলমে খাদ্য সামগ্ৰীৰ লগতে পৰ্য্যাপ্ত বান সাহাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে ছাত্ৰ সংগঠনতোৱে উল্লেখিত দাবী সমূহ অতি শীঘ্ৰে কাৰ্য্যকৰী   কৰি দিবলৈ দাবী জনায় । অন্যথা ইয়াৰ বাবে যিকনো পৰিস্থিতি  উদ্ভৱ হ’লে প্ৰশাসনে দায়ী হ’ব  বুলি  হুংকাৰ প্ৰদান কৰে।

You might also like