নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম প্ৰদূষণ ব’ৰ্ডে কাৰ হেচাঁত অইললৈ প্ৰেৰণ কৰা খাদ বন্ধ জাননী উঠাই ল’লে ?

নিয়মীয়া বাৰ্তা, ২২ জুন : সূদীৰ্ঘ বছৰ ধৰি নিশ্চুপ হৈ থকা অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে হঠাৎ নিৰৱতা ভংগ কৰি অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে তৎপৰ হৈ উঠাৰ পাছত পুনৰ পিছ হুঁহুকা কাণ্ডত সন্দেহে গা কৰি উঠিছে ।

জানিব পৰামতে পৰিৱেশ বন সম্পৰ্কীয় আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি অইল ইণ্ডিয়াই তিনিচুকীয়া জিলাৰ স্পৰ্শকাতৰ অঞ্চলত নিবিঘ্নে চলাই যোৱা তৈল খনন আৰু উৎপাদন কাৰ্য‍্যৰ পৰিপ্ৰেক্ষিতত যোৱা ১৯ জুনত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বাঘজান তৈলক্ষেত্ৰৰ ২২ টাকৈ উৎপাদনক্ষম তেল-গেছ খাদৰ খনন আৰু উৎপাদন কাৰ্য‍্য বন্ধ কৰাৰ জাননী অইল ইণ্ডিয়ালৈ প্ৰেৰণ কৰিছিল ।

এই জাননী অনুসৰি ৰাজহুৱা খণ্ড অইল ইণ্ডিয়া লিমিটেডে জল আইন-১৯৭৪, বায়ু আইন-১৯৮১ আৰু পৰিৱেশ (সুৰক্ষা) আইন -১৯৮৬ গুৰুতৰভাৱে ভংগ কৰিছে । পিচিবিএ-ৰ জাননীখনত অইল ইণ্ডিয়াই খনন কাৰ্য‍্য চলাই দাঁতি-কাষৰীয়া ৰাষ্ট্ৰীয় উদ‍্যান ডিব্ৰু-ছৈখোৱা আৰু মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্যতা ধ্বংস কৰাৰ অভিযোগ স্পষ্টকৈ উল্লেখিত ।

গেছ খাদৰ পৰা নিৰ্গমিত পৰিৱেশৰ প্ৰতি হানিকাৰক আৱৰ্জনা নিচেই কাষৰীয়া মাগুৰি মতাপুং জলাশয়লৈ বৈ নোযোৱাকৈ পৃথক নলা-নৰ্দমাৰ ব‍্যৱস্হা কৰিব লাগিছিল , সেই ক্ষেত্ৰতো অইল ইণ্ডিয়া চূড়ান্ত ব‍্যৰ্থ হৈছে । আনহাতে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম এণ্ড প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ অধীনস্থ অ’ আই এছ ডিৰ সুৰক্ষা নীতিৰ অনুসৰি প্ৰতিটো ইনষ্ট’লেশ‍্যনতে ইটিপি অৰ্থাৎ “Effluent treatment plant” স্হাপনৰ প্ৰয়োজন । অইল ইণ্ডিয়াৰ বাঘজান তৈলক্ষেত্ৰত ইটিপি-ৰ ব‍্যৱস্হা নাই । এই সকলো নীতি-নিৰ্দেশনা ভংগ কৰি খনন-উৎপাদন কাৰ্য‍্য চলাই অহা অইল ইণ্ডিয়াৰ বিৰুদ্ধে অসম প্ৰদূষণ ব’ৰ্ডে খাদৰ কাম-কাজ বন্ধ কৰাৰ জাননী পত্ৰ প্ৰেৰণ কৰাৰ এটা দিনৰ পাছতেই পুনৰ জাননী উঠাই লোৱা কাৰ্য‍্যই কেতবোৰ দিশত সন্দেহজনক হৈ উঠিছে ।

অৱশ্যে আজি অইল ইণ্ডিয়াই বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ামতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ‍্যক্ষ আৰু অইল ইণ্ডিয়াৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতে হোৱা বাৰ্তালাপ অনুসৰি বন্ধৰ জাননী উঠাই লোৱা হয় । অন‍্যথাই পিচিবিএ-ৰ জাননীৰ বিৰুদ্ধে অইল হাইকৰ্টৰ দ্বাৰস্হ হ’ব বুলি জানিবলৈ দিছিল । বিগত প্ৰায় ১৮ বছৰে নিদ্ৰামগ্ন অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ শেহতীয়া এনে নাটকীয় ভূমিকাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । কাৰ হেচাঁত বশ‍্যতা স্বীকাৰ কৰিলে পিচিবিএ-য়ে ?

বাঘজানত অইলৰ খনন কাৰ্য‍্যৰ আৰম্ভণিতে ভূমিকা কি আছিল পিচিবি-ৰ? ৰাজহুৱা শুনানি নোলোৱাকৈ কেনেকৈ খনন কাৰ্য‍্য চলালে অইল ইণ্ডিয়াই ? উল্লেখযোগ্য যে বিগত ২০০২-২০০৬ চনলৈ অইল ইণ্ডিয়াৰ বাঘজান বিজিআৰ-৫ ত হাইড্ৰ’কাৰ্বন আৱিষ্কাৰ আৰু মান তথা মূল্য নিৰূপণ পৰ্য‍্যায় চলি থকাৰ সময়ৰ পৰা বাঘজান কাণ্ডৰ ঘটনাৰ আগমূহুৰ্তলৈকে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক দীঘলীয়া নিস্ক্ৰিয় ভূমিকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদীপ শইকীয়াই ।

বিশ্বৰ সৰ্ববৃহৎ তৈল খনন সংস্হা আমেৰিকাৰ হেলিবাৰ্টন ল’গিং চাৰ্ভিচৰ জ‍্যোষ্ঠ ভূ-পদাৰ্থ বিজ্ঞানী তথা বিশ্বৰ বিভিন্ন তৈলক্ষেত্ৰত কাম কৰা অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী অসমীয়া বিশেষজ্ঞ প্ৰদীপ শইকীয়াই কয়- “অইলৰ গেছ খাদৰ সমীপতে অৱস্হিত জৈৱ বৈচিত্ৰপূৰ্ণ ৰাষ্ট্ৰীয় উদ‍্যান আৰু নিচেই কাষৰীয়া মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণী-উদ্ভিদবোৰৰ অৱস্হিতিৰ বিষয়ে জানি-শুনিও আৰম্ভণিৰ পৰাই প্ৰদূষণ ব’ৰ্ড কিয় নীৰৱ আছিল । যদি প্ৰদূষণ ব’ৰ্ডে খনন কাৰ্য‍্য চলাবলৈ অনুমতি দিয়া নাছিলেই তেন্তে কেনেকৈ অইলে খাদটোত কাম কাজ আগবঢ়ালে । নিশ্চয়কৈ সমগ্ৰ ঘটনাটোত পাক আছে ।'” পুনৰ খাদৰ সম্পৰ্কত তেখেতে কয়-” উক্ত খাদটোৰ আৱিস্কৃত পাছতেই মই বিজ্ঞানসন্মতভাৱে ভূ-গৰ্ভত নিহিত হাইড্ৰ’কাৰ্বন চৰিত্ৰ অধ‍্যয়ন কৰিছিলোঁ। এই অধ‍্যয়নত পোৱা তথ্য অনুসৰি স্পষ্টভাৱে অইলক ৰিপ’ৰ্ট কৰিছিলোঁ যে আৱিস্কৃত খাদটো কণ্ডেনচেট তেলৰ বাবে উপযোগী। ইয়াক গেছ ৱেল হিচাপে ব‍্যৱহাৰ নকৰিব। তেওঁৰ পৰীক্ষামূলক পৰামৰ্শৰ পাছতো অইলে গেছ ৱেল হিচাপে জোৰজবৰদস্তি গ্ৰহণ কৰিলে । ইয়াৰ আঁৰত নিশ্চয়কৈ অইলৰ কোনো স্বাৰ্থ জড়িত থাকিব পাৰে।”

ইফালে সদৌ মৰাণ ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সহঃ সম্পাদক প্ৰতাপ মৰাণে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ স্হিতিৰ সন্দৰ্ভত কয়- বাঘজানবাসীৰ ৰোষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে খৰখেদাকৈ অইললৈ বন্ধৰ জাননী প্ৰেৰণ কৰিছিল । আৰম্ভণিৰ পৰাই সম্পূৰ্ণ নিৰৱ আৰু নিস্ক্ৰিয় ভূমিকা আছিল ব’ৰ্ডৰ । শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহিয়েই হিচাপ নিকাচ কৰা ব’ৰ্ডে অইলৰ বিষয়াৰ সৈতে “মেনেজ” হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে নেতাগৰাকীয়ে । এনেবোৰ কাৰণতে আজি বাঘজানবাসীৰ এই দশা বুলিও উল্লেখ কৰিছে মৰাণে ।

ইফালে ৰাষ্ট্ৰীয় উদ‍্যানখনৰ ১০ কিমি ব‍্যাসাৰ্ধৰ ভিতৰত অইল ইণ্ডিয়াৰ বাঘজান তৈলক্ষেত্ৰখনৰ স্হাপনৰ বিৰুদ্ধে যিধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে , কাৰ্য‍্যত পৰিলক্ষিত নহ’ল । প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ উদ‍্যোগত বন প্ৰাধিকৰণ আৰু অইল ইণ্ডিয়াৰ বিষয়াবৰ্গৰ উপস্হিতিত স্হানীয় এলেকাৰ ৰাইজৰ পৰা অনুমতি গ্ৰহণ কৰিব লাগিছিল সেই অনুমতি অথবা শুনানিও নোলোৱাৰ অভিযোগ উত্থাপিত । সেয়ে খাদ স্হাপনৰ আৰম্ভণিৰ পৰাই স্হানীয় ৰাইজে তৈলক্ষেত্ৰৰ বিৰুদ্ধাচৰণ কৰি আহিছে । তেনেদৰে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়েও অঞ্চলটোত চৰজমিন তদন্ত চলাই ইয়াৰ বায়ূ, পানী, মাটি তথা সমগ্ৰ পৰিৱেশীয় সংক্ৰান্তত পৰীক্ষামূলক প্ৰতিবেদন প্ৰস্তুত কৰি সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়ালৈ প্ৰেৰণ কৰিব লাগে তাৰো কোনো যাৱতীয় তথ্য নাই কাৰোৰে হাতত ।

আনহাতে মুখ‍্যমন্ত্ৰী, বনমন্ত্ৰী , প্ৰকৃতি সংগঠন আৰু ৰাজ‍্যৰ একাংশ বুদ্ধিজীৱিক লৈ ৰাজ্যিক বন‍্যপ্ৰাণী উপদেষ্টা পৰিষদ গঠিত যদিও সেইসময়ত (২০০২-২০০৬) পৰিষদৰ নিস্ক্ৰিয় ভূমিকাক লৈও সন্দেহৰ আঙুলি উঠিছে । লক্ষণীয় যে পূৰ্বৰ অইল চি এম ডিৰ ৰঞ্জিত কুমাৰ দত্তৰ কাৰ্যকালত এনেকৈ এশ এবুৰি আসোঁৱাহপূৰ্ণ নীতিৰ মাধ‍্যমেৰে শুভাৰম্ভণি ঘটা অইল বাঘজান গেছ কূপ-৫ ত যোৱা ২৭ মে’ পুৱা ১০.৩০ বজাত সংঘটিত হৈছিল ব্ল’-আউট ঘটনা । তাৰেই পৰিৱৰ্তিত ৰূপত ৯ জুন দুপৰীয়া ১.৩০ বজাত ঘটা ভয়ংকৰ অগ্নিকাণ্ডৰ উত্তাপত আজিও দগ্ধ বাঘজান ।

You might also like