ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৫৩ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ ৰাজ্যত নতুনকৈ ২৬৭ জনৰ দেহত ক’ভিড১৯ ৰ অৱস্থিতি পোৱা গৈছে ।
যাৰ পাছতে ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৫৮৫৩ জনলৈ বৃদ্ধি পালে ।
ইপিনে বৰ্তমানো ৰাজ্যত ২২৭৬ জন লোক ক’ভিডৰ চিকিৎসা গ্ৰহণ কৰি আছে ।
ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ইতিমধ্যে ৩৫৬৫ গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৯ গৰাকী লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ।