ৰঞ্জি ট্রফীত সর্বাধিক উইকেট দখল কৰা ৰাজিন্দৰ গোৱেলৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ ৰঞ্জি ট্রফীৰ ইতিহাসত সর্বাধিক উইকেট দখল কৰা ৰাজিন্দৰ গোৱেলৰ দেহাৱসান ঘটিছে৷ দীর্ঘদিন ধৰি অসুস্থতাত ভুগি থকা বাঁওহতীয়া স্পিনাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ৷
২৫ বছৰৰো অধিক কাল ৰঞ্জি ট্রফী খেলা ৰাজিন্দৰ গোৱেলে ৰঞ্জি ট্রফীৰ এটা ছিজনত ১৫বাৰ ২৫টাৰো অধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ ৰঞ্জি ট্রফীৰ ইতিহাসত ৬৩৭টা উইকেট দখল কৰি ইতিহাস ৰচিবলৈ সক্ষম হোৱা ৰাজিন্দৰে ৫৩বাৰ পাঁচটা বা ততোধিক আৰু ১৭বাৰ দহটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ হাৰিয়ানাৰ প্রাক্তন খেলুৱৈগৰাকীয়ে ১৫৭খন প্রথম শ্রেণীৰ মেচ খেলি ৭৫০টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷
ৰঞ্জি ট্রফীৰ ইতিহাসত সর্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হ’লেও ৰাজিন্দৰ গোৱেলে ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰা নাছিল৷ প্রাক্তন খেলুৱৈগৰাকীৰ মৃত্যুত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীৰ লগতে শচীন তেণ্ডুলকাৰকে ধৰি আন কেইবাগৰাকীও খেলুৱৈয়ে শোক প্রকাশ কৰে৷