নিয়মীয়া বাৰ্তা ২৩ জুনঃ ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি বিভীষিকা অব্যাহত ৰখাৰ সময়তে উত্তৰ প্রদেশৰ কানপুৰৰ এক আশ্রয় গৃহত ৫৭গৰাকী কিশোৰী এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷
‘ইণ্ডিয়া টুডে’ই প্রকাশ কৰা এক প্রতিবেদনে ইতিমধ্যে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনৰ চৰকাৰ পৰিচালিত কিশোৰী নিৱাস এই গৃহটোত ১০০গৰাকী কিশোৰীক ৰখাৰ ব্যৱস্থা আছে যদিও অতিৰিক্তভাৱে ৭১গৰাকী অর্থাৎ মুঠ ১৭১গৰাকী কিশোৰীক ইয়াত ৰখা হৈছে৷ ইয়াৰে ৫৭গৰাকী ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ উপৰি ৫গৰাকী অন্তঃসত্ত্বা হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে সৃষ্টি হৈছে দেশজুৰি চাঞ্চল্য৷
অকল সেয়াই নহয়, চৰকাৰ পৰিচালিত এই আশ্রয়গৃহটোত এইচআইভিত আক্রান্ত হৈছে এগৰাকী কিশোৰী৷ তাৎক্ষণিকভাৱে আশ্রয় গৃহটোত কোনো বিষয়ববীয়াই এই বিষয়টো সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা নাই৷ লক্ষণীয়ভাৱে জিলা প্রশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি এই আশ্রয়গৃহবোৰ পৰিচালিত হ’ব লাগে যদিও এইক্ষেত্রত বৃহৎ ব্যৱধান দেখিবলৈ পোৱা গৈছে৷ ইফালে, আশ্রয়গৃহত কেনেদৰে পাঁচগৰাকী কিশোৰী অন্তঃসত্ত্বা হ’ল, সেই বিষয়টোক লৈ যোগী চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈছে বিৰোধী দলবোৰ৷
উল্লেখনীয় যে অন্তঃসত্ত্বা পাঁচগৰাকী কিশোৰীও ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি ইণ্ডিয়া টুডেৰ প্রতিবেদনত সদৰী কৰা হৈছে৷