নিয়মীয়া বাৰ্তা ২৩ জুনঃ হোজাই জিলাৰ কাকীৰ এখন গাঁৱৰ বাসিন্দাক আতংকিত কৰি তুলিছে ফৰিঙৰ জাকে৷ সংখ্যাৰ হিচাপত খুব কম যদিও বাৰীত দেখা দিয়া ফৰিঙৰ প্রজাতিটোৰ উপদ্রৱ দেখি শংকিত হৈ পৰিছে গাঁওখনৰ লোকসকল৷ ১নং কাকী তেলিয়াআটি গাঁৱৰ তৰুণ নাথ নামৰ লোকজনৰ বাৰীত দেখা গৈছে এই ফৰিঙৰ জাকটোক৷ বিগত দুই–তিনি দিনৰ পৰা লোকজনৰ বাৰীত থিতাপি লোৱা জাকটোৱে কলগছকে ধৰি বিভিন্ন শাক–পাচলিৰ পাতসমূহ খাই তহিলং কৰিছে৷ ফৰিঙৰ জাকটোৱে পাত খাই শেষ কৰাৰ পাছত চাঙতে মৰি গৈছে লাগি থকা জাতিলাউৰ গছ৷ এই বিষয়ে লোকজনে ওচৰ–চুবুৰীয়াক অৱগত কৰাৰ পাছতে প্রত্যক্ষ কৰে গাঁওখনৰ একাংশ লোকে৷ সম্প্রতি ফৰিঙৰ জাকটো কি প্রজাতিৰ সেয়া জানিব পৰা হোৱা নাই যদিও তৰুণ নাথৰ লগতে ওচৰ–চুবুৰীয়াই কাকতি ফৰিং বুলি সন্দেহ কৰিছে৷ ইতিমধ্যে বংশবৃদ্ধি কৰি ক্রমান্বয়ে বাঢ়ি অহা ফৰিঙৰ জাকটোক লৈ সংশয় প্রকাশ কৰিছে ওচৰ–চুবুৰীয়া লোকসকলে৷