নিয়মীয়া বাৰ্তা ২৩ জুনঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্র তথা বগীনদী উন্নয়ন খণ্ডৰ অন্তর্গত থৌ থুৱনি পঞ্চায়তৰ দীর্ঘা পথাৰত দীর্ঘা নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি অব্যাহত ৰাখিছে তীব্র খহনীয়া৷ দীর্ঘা পাহাৰৰ পৰা বৈ অহা খৰস্রোতা পাহাৰী নৈখনে বিগত কেইবাটাও বছৰ ধৰি ধাৰাবাহিকভাৱে গাঁওখনত অব্যাহত ৰখা খহনীয়াৰ ফলত ইতিমধ্যে বহু লোকৰ ঘৰ–মাটি, খেতিপথাৰ বিলীন হৈছে৷ এইবছৰো বাৰিষাৰ প্রথমৰ পৰাই ফেনে–ফোটোকাৰে বাঢ়ি অহা পানীৰ ধলে গাঁৱৰ ৰাইজৰ খেতিপথাৰ, বাৰী চপৰা–চপৰে খহাই নিছে, স্থানীয় পঞ্চায়ত আৰু প্রশাসনে নৈখনৰ খহনীয়া প্রতিৰোধ কৰিবলৈ কোনো ধৰণৰ প্রচেষ্টা অথবা সদিচ্ছা প্রকাশ কৰা পৰিলক্ষিত নহ’ল৷ ফলত উপায়হীন হৈ স্থানীয় ৰাইজে চান্দা–বৰঙণি সংগ্রহ কৰি নৈখনৰ খহনীয়া প্রতিৰোধ কৰিবলৈ মেচিনৰ সহায়ত বাঁহৰ পার্কুপাইন নির্মাণ কৰিছে৷ ইতিমধ্যে গাঁওবাসীয়ে চাৰিটাকৈ বৃহৎ পার্কুপাইন নির্মাণ সম্পূর্ণ কৰি পঞ্চমটো পার্কুপাইন নির্মাণৰ কাম আজিৰ পৰা আৰম্ভ কৰি দিছে৷