নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰলৈ অপেক্ষা নকৰি মৰিগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং  

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ বিগত পঞ্চাশ বছৰে মৰিগাঁৱৰ জেৰেঙাগাঁও আৰু মেৰুৱাগাঁও সংযোগী কলং নৈ ওপৰত  এখন পকি দলঙৰ অভাবে জীয়াতু ভোগাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণক ৷

  মন্ত্ৰী, বিধায়কক বহুবাৰ আবেদন জনায়ো কোনো সুফল নোপোৱাত  জিলাখনৰ  জেৰেঙাগাঁৱৰ পৰা মেৰুৱাগাঁও লৈ বাৰখন গাঁৱৰ সংযোগী পথৰ কলঙ নৈৰ  ওপৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ  দলং৷

প্ৰায় পঞ্চাশ বছৰ কাল বাহৰ সাকোৰে অহা যোৱা কৰাৰ পাছত বিগত  পাঁচবছৰৰ পূৰ্বে এখন ঠেক কাঠৰ দলং তিৱা স্বায়ত্ব পৰিষদৰ তৰফৰ পকা নিৰ্মান কৰা হৈছিল যদিও দলং খনৰ কাঠবোৰ অতি  নিম্ন মানদণ্ডৰ হোৱাৰ বাবে ইতিমধ্যে দলংখন সম্পূৰ্ণৰূপে ভাঙি যায়৷ সেয়ে বছৰে বছৰে  দুৰ্ভোগ ভোগি থকা এই বৃহৎ অঞ্চলৰ ৰাইজে প্ৰতি বছৰে এনেকৈ নিজৰ বাৰীৰ বাহ কাটি শ্ৰম কৰি দলংখন নিৰ্মান কৰি আহিছে৷

আনহাতে বিভিন্ন সময়ত এই দলঙৰ পৰা পৰি বহু ছাত্ৰছাত্ৰী আৰু ব্যক্তি আহত হৈ আহিছে প্ৰতি বছৰে৷ আনহাতে তিৱা স্বায়ত্ব পৰিষদৰ এলেকাৰ কলংনৈৰ উপৰত নিৰ্মাণ কৰিব লগা এই দলং খনৰ বাবে তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য পৱন মান্তা , কাৰ্যবাহী সদস্য খগেন বৰদলৈ আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী বহুবাৰ দলংখন নিৰ্মাণৰ আশ্বাস দি আহিছে  যদিও আজিলৈ এই দলংখন নিৰ্মাণ নকৰাত ৰাইজে নিজে শ্ৰমদান কৰি নিৰ্মাণ কৰিব লগা হৈছে দলংখন ৷

You might also like