নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ১৪টা ৱেবছাইটত উচ্চতৰ মাধ্যমিকৰ ফলাফল

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অহা ২৫ জুনৰ পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব৷ ১৪টা ৱেবছাইটত এই ফলাফল চাব পৰা যাব৷

ৱেবছাইটকেইটা হ’ল–www.ahsec.nic.in, www.asssamresult.in, www.schools9.com, www.results.shiksha, www.newsnation.in, www.newsstate.com, www.indiaResults.com, www.iResults.net, www.EduAssam.com, www.vidyavision.com, www.exametc.com, www.ExamResults.net/assam/, www.jagranjosh.com আৰ www.assamresult.co.in৷ ছাত্র–ছাত্রীয়ে ৰোল আৰু নম্বৰ টাইপ কৰি ইয়াৰে যিকোনো এটা ৱেবছাইটৰ পৰা ফলাফল সংগ্রহ কৰিব পাৰিব৷

ৱেবছাইটসমূহত ডিজিটেল মার্কশ্বীটো আপলোড কৰা হ’ব আৰু ডাউনলোড কৰাৰ সুবিধা থাকিব৷ ইয়াৰ উপৰি মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহলৈ একে সময়তে ই–মেইলযোগে ফলাফল প্রেৰণ কৰা হ’ব৷ ফলাফল ঘোষণাৰ পাছত যিমানদূৰ সম্ভৱ শীঘ্রে মার্কশ্বীটৰ প্রকৃত প্রতিলিপি সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহলৈ প্রেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷

ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সামাজিক দূৰত্ব লংঘন নকৰাকৈ মার্কশ্বীটসমূহ বিতৰণৰ বাবে উদ্যোগ ল’বলৈ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷

You might also like