নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনক চেৰ পেলাই শীর্ষত দ্রাবিড়, উইজডেন ইণ্ডিয়াৰ সমীক্ষা

ভাৰতৰ সর্বশ্রেষ্ঠ টেষ্ট বেটছমেন

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ উইজডেন ইণ্ডিয়াৰ এক সমীক্ষাত ক্রিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰক চেৰ পেলাই শীর্ষস্থান অধিকাৰ কৰিছে দ্য ৱাল খ্যাত ৰাহুল দ্রাবিড়ে৷ ভাৰতৰ সর্বকালৰ সর্বশ্রেষ্ঠ টেষ্ট বেটছমেনক লৈ প্রস্তুত কৰা সমীক্ষাটোত দ্রাবিড়ে ৫২ শতাংশ ভোট লাভ কৰি শীর্ষস্থান অধিকাৰ কৰাৰ বিপৰীতে তেণ্ডুলকাৰে দ্বিতীয় আৰু সুনীল গাভাস্কাৰে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে উইজডেন ইণ্ডিয়াই ১৬গৰাকী ভাৰতীয় বেটছমেনৰ মাজত ফেচবুকৰ মাধ্যমেৰে সমীক্ষাটো চলাইছিল৷ আজি প্রকাশ পোৱা ফলাফলত দ্রাবিড়ে প্রথম, তেণ্ডুলকাৰে দ্বিতীয়, সুনীল গাভাস্কাৰে তৃতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে চতুর্থ স্থানত থাকে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷

মন কৰিবলগীয়া যে ভাৰতৰ প্রাক্তন তাৰকা তেণ্ডুলকাৰ আৰু দ্রাবিড়ক বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ টেষ্ট বেটছমেন হিচাপে গণ্য কৰা হয়৷ টেষ্ট আৰু এদিনীয়াত দুয়োগৰাকী ক্রিকেটাৰে ১০ হাজাৰৰো অধিক ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

You might also like