অৰুণাচলত প্ৰদেশত ক’ৰোনাত প্ৰথমজন ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ অৰুণাচলতো বৃদ্ধি পাইছে কভিড-১৯ সংক্ৰমিত লোকৰ সংখ্যা ৷ জানিব পৰা মতে অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৬০ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে।
অৰুণাচলত প্ৰথম গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু। মহিলাগৰাকীৰ ঘৰ ৱেষ্ট কামেঙত বুলি জানিব পৰা গৈছে। মহিলা গৰাকী ১১ জুনত দিল্লীৰ পৰা আহিছিল ৷
ইটানগৰৰ কেপিটেল কম্পলেক্সত-৩০, চাংলাং জিলাত- ৬০, ইষ্ট চিয়াং – ৫, লোহিত জিলাত- ২, লংডিং -৩, লৱাৰ ডিবাং ভেলি -২, নামচাই- ২, টাৱাং- ১, তিৰাপ- ২, ৱেষ্ট কামেং -১২, লৱাৰ চিয়াং-১ জন৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশত মুঠ ১৬০ জনৰ কৰোনা সংক্ৰমনৰ ভিতৰত ইতিমধ্যে ৩৮ জন লোকৰ সুস্থ হৈ নিজ ঘৰলৈ উভতিছে ৷ ইয়াৰে বৰ্তমান ১২১ জন আক্ৰান্ত লোকৰ চিকিৎসাধীন হৈ আছে।