নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বানাক্ৰান্তৰ কাষত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া

নিয়মীয়া বাৰ্তা,২৫ জুনঃ কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা চিয়াং নৈৰ পানীয়ে জলমগ্ন কৰিছে জোনাইৰ বিস্তীৰ্ণ অঞ্চল। চিয়াং নদীৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল’লে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া৷ বিৰোধী দলপতিগৰাকীয়ে জোনাই বেৰাচাপৰিৰ বানক্ৰান্ত অঞ্চলত উপস্থিত হৈ চিয়াং নদীয়ে বিধ্বস্ত কৰা ৫০ লাখ টকীয়া মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে৷

বাৰিষাৰ পূৰ্বে জলসম্পদ বিভাগে মথাউৰিৰ কাম সময়মতে নকৰাৰ বাবে আজি নৈ পৰীয়া ৰাইজে জীয়াতু ভুগিব লগা হৈছে বুলি সমালোচনা কৰি কয়, লালী নদীৰ খহনীয়াৰ বিঘাই বিঘাই ভূমি জাহ যোৱাৰ উপৰি পৰিয়ালৰ ঘৰ-বাৰী ধ্বংস আৰু খেতি পথাৰ উচন গৈছে৷ চৰকাৰখনে প্ৰতিশ্ৰুতি দি কৈছিল যোৱা ২০১৬ চনতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত মথাউৰি নিৰ্মাণ কৰা হব, ব্ৰহ্মপুত্ৰৰ দুয়োফালে হাইৱে বনোৱা হব কিন্তু চাৰিটা বছৰে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত কোনোধৰণৰ কামৰ নমুনা চকুত নপৰিল৷

যোৱা চাৰিটা বছৰে চৰকাখনে মিছা প্ৰতিশ্ৰুতি দি ৰাইজক ঠগি আছে ইয়াতে প্ৰমান হৈ গৈছে৷ এই চৰকাৰখনে বানপানী প্ৰতিৰোধৰ কাম একোৱেই কৰা নাই চৰকাৰ খনে কাম হোৱা নাই বুলি স্বীকাৰ কৰক যদিহে কাম কৰিছো বুলি দাবী কৰে তেতিয়া হলে ইয়াত বিষম দুৰ্নীতি হৈছে আৰু দুৰ্নীতিৰ তদন্ত বাবে সাজু হব লাগে বুলি মন্তব্য কৰে। ইয়াৰ উপৰি জলসম্পদ বিভাগ, গ্ৰামোন্নয়ন বিভাগ , কৃষি বিভাগ আৰু বিভিন্ন বিভাগত দুৰ্নীতিৰ কথা ওলাই আছে আৰু এই বানৰ সময়তে আমি প্ৰমাণ পাম জলসম্পদ বিভাগত কিমান দুৰ্নীতি হৈছে৷ লগতে বানক্ষতিগ্ৰস্হ ৰাইজৰ সতে মতবিনিময় কৰি বিৰোধী দলপতি শইকীয়াই চৰকাৰক মথাউৰিবোৰ সময়ত নিৰ্মাণ নকৰা আৰু দুৰ্নীতিৰ আশ্ৰয় লোবা বুলিও তীব্ৰ সমালোচনা কৰে।

আজিৰ পৰিদৰ্শন সময়ত অসম প্ৰদেশ ট্ৰাইবেল কমিটিৰ আহ্বায়ক সঞ্জয় পেগু ,অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিজু পেগু, ৰাজীৱ পেগু , মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ সভাপতি হিতেশ পেগু , অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল পেগু অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য হেমহৰি প্ৰসন্ন পেগু , যুৱ কংগ্ৰেছৰ লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সভাপতি ৰনোজ পেগু, জিলা কমিটিৰ উপ সভাপতি বিজয় পেগু, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নিতু বৰগোহাঁই , জোনাই সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ৰাজীৱ টায়েৰ লগতে ধেমাজি জিলাৰ অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীসকলে সংগ দিয়ে।

You might also like