নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লকডাউন

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ  ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা ক’ৰোনা সংক্রমণক লৈ জটিল হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি৷ বিশেষকৈ ভয়াৱহভাৱে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ ফলত গুৱাহাটী মহানগৰী সামাজিক সংক্রমণৰ দিশে গতি কৰাৰ আশংকাক লৈ স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰো উদ্বিগ্ন হৈ পৰিছে৷

যাৰ বাবে দেওবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১২ জুলাই লৈকে এই লকডাউন কাৰ্যকৰী হ’ব ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ২৭৬জন৷ নিশা ১১.৪০ বজাত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰিছে৷ বৃহস্পতিবাৰে নতুনকৈ আক্রান্ত হোৱা ২৭৬কে ধৰি এই সংখ্যাৰে মুঠ আক্রান্তৰ সংখ্যা ৬,৬৪৬লৈ বৃদ্ধি পালে৷ আনহাতে, চিকিৎসালয়ৰ পৰা সুস্থ হৈ ৰিলিজ পাইছে ৪,০৩৩জনে৷ এতিয়াও চিকিৎসাধীন হৈ আছে ২,৬০১জন৷

You might also like