৫৬ বছৰীয়া হ’ল পি টি ঊষা
নিয়মীয়া বার্তা, ২৮ জুনঃ ভাৰতীয় এথলেটিকছ জগতৰ সোণালী কন্যা হিচাপে পৰিচিত একালৰ তাৰকা দৌৰবিদ পি টি ঊষাই আজি ৫৬ বছৰত ভৰি দিয়ে৷ এছিয়ান গেমছত ১১টা পদক জয়েৰে ইতিহাস ৰচা প্রাক্তন দৌৰবিদগৰাকীৰ জন্মদিনত দেশৰ ক্রীড়া মহলে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে৷ ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে প্রাক্তন এথলীটগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে পি টি ঊষা হ’ল ভাৰতৰ প্রকৃত গোল্ডেন গার্ল৷ তেওঁ যুৱ এথলীটসকলক প্রশিক্ষণ আগবঢ়াই এতিয়াও ভাৰতীয় ক্রীড়ালৈ অনবদ্য অৱদান আগবঢ়াই আহিছে৷
ইফালে, ভাৰতৰ প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিঙে ভাৰতীয় ট্রেক এণ্ড ফিল্ডৰ ৰাণী পি টি ঊষাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে মই আপোনাৰ গৌৰৱময় সাফল্য প্রত্যক্ষ কৰি ডাঙৰ হৈছোঁ৷ আপোনাক লৈ আমি সদায় গৌৰৱবোধ কৰোঁ৷ আমাৰ যুৱ প্রজন্মক আপুনি সদায় অনুপ্রাণিত কৰি থাকিব বুলি মই আশা ৰাখিছোঁ৷ উল্লেখ্য যে ১৯৮৬ৰ ছিউল এছিয়ান গেমছত ভাৰতে লাভ কৰা পাঁচটা স্বর্ণ পদকৰ চাৰিটাই দৌৰবিদ পি টি ঊষাই লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ২০০ মিটাৰ, ৪০০ মিটাৰ, ৪০০ মিটাৰ হার্ডলছ আৰু x৪০০ মিটাৰ ৰিলেত সোণ আৰু ১০০ মিটাৰত ৰূপৰ পদক লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল৷ অসমকন্যা হিমা দাসেও পি টি ঊষাক ৫৬ বছৰীয়া জন্মদিনৰ শুভেচ্ছা জনাই টুইটাৰত তেওঁৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে।