ফৰিঙৰ আগমনক লৈ গুৰগাঁও–দিল্লীত হাইএলার্ট
নিয়মীয়া বার্তা, ২৮ জুনঃ শস্য বিনাশকাৰী ফৰিঙৰ আগমনক লৈ হাৰিয়ানাৰ গুৰগাঁও আৰু ৰাজধানী দিল্লীৰ সীমান্তৱর্তী জিলাসমূহত হাইএলার্ট জাৰি কৰা হৈছে৷ ইতিমধ্যে ফৰিঙে গুৰগাঁৱৰ বিভিন্ন আৱাসিক অঞ্চলকে ধৰি শস্যপথাৰত তাণ্ডৱ আৰম্ভ কৰিছে৷ সদাব্যস্ত এম জি ৰোড আৰু আইএফএফচি’ চক অঞ্চলত ফৰিং ভৰি পৰিছে৷ ডিএলএফ ফেজ–১–৪, চকৰপুৰ, ছিকন্দৰপুৰ, ছুখৰালি অঞ্চলতো শস্যৰ লগতে আৱাসিক অঞ্চলত ফৰিঙৰ উৎপাত আৰম্ভ হৈছে৷ এই লৈ হাৰিয়ানাৰ চৰকাৰে গুৰগাঁও অঞ্চলত হাইএলার্ট জাৰি কৰাৰ লগতে ৰাজধানী দিল্লীৰ সীমামূৰীয়া জিলাসমূহতো হাইএলার্ট জাৰি কৰা হৈছে৷
তাৎপর্যপূর্ণ যে দিল্লীৰ দক্ষিণ–পশ্চিম জিলাৰ গাঁওবাসীক কিছুদিন পূর্বে এই ফৰিঙৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে, সেই সন্দর্ভত প্রশিক্ষণ দিয়া হৈছিল৷ ফৰিঙৰ উৎপাতৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি গাঁওবাসীক দিয়া প্রশিক্ষণে এই সময়ত উপকাৰ হ’ব বুলি কয় দক্ষিণ–পশ্চিম জিলাৰ দণ্ডাধীশে৷ ইপিনে গুৰগাঁৱৰ বাসিন্দাসকলে ফৰিঙক খেদিবলৈ বিভিন্ন সা–সামগ্রীৰে শব্দ কৰাৰ লগতে ফটকা ফুটাইছে৷ ফৰিঙক আঁতৰাই পঠিয়াবলৈ বিভিন্ন ধৰণেৰে শব্দৰ সৃষ্টি কৰি আছে৷ গুৰগাঁৱৰ দৌলতবাদ ফ্লাই’ভাৰ, লক্ষ্মণবিহাৰ, চুৰতনগৰ, ৰাজেন্দ্রপার্ক, ভিগ’ৰ খেৰী অঞ্চলতো আজি পুৱাৰে পৰা আকাশত ফৰিঙৰ উৰণ প্রত্যক্ষ কৰা হৈছে৷