নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামদেৱসহ ৪জনৰ বিৰুদ্ধে গোচৰ জয়পুৰত

নিয়মীয়া বার্তা, ২৮ জুনঃ ক’ভিড–১৯ ৰোগীৰ শুশ্রূষাৰ বাবে পতঞ্জলি আয়ুর্বেদে ‘ক’ৰোনিল’ নামৰ ঔষধবিধ মুকলি কৰাৰ পিছতে ৰাজস্থানৰ জয়পুৰত যোগগুৰু বাবা ৰামদেৱ, পতঞ্জলিৰ চিই’ আচার্য বালাকৃষ্ণসহ আন চাৰিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ ক’ৰোনা ভাইৰাছৰ পৰা আৰোগ্য কৰাৰ বাবে পতঞ্জলি আয়ুর্বেদে ক’ৰোনিল নামৰ ঔষধবিধেৰে ভুল তথ্য প্রচাৰ কৰাৰ বাবেই ৰাজস্থানৰ জয়পুৰৰ জ্যোতিনগৰ থানাত বাবা ৰামদেৱ, পতঞ্জলিৰ চিই’ বালাকৃষ্ণ, বিজ্ঞানী অনুৰাগ বর্ছনী, এনআইএমএছৰ অধ্যক্ষ বলবীৰ সি টোমৰ, এনআইএমএছৰ সঞ্চালক অনুৰাগ টোমৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখ্য যে যোৱা মঙলবাৰে ক’ৰোনা ভাইৰাছৰ পৰা সুস্থ কৰিবলৈ ক’ৰোনিল নামৰ ঔষধবিধ বাবা ৰামদেৱে মুকলি কৰাৰ পিছতে দেশজুৰি তীব্র বিতর্কৰ সৃষ্টি হৈছিল৷ আয়ুস মন্ত্রালয়ে পতঞ্জলিৰ পৰা ঔষধবিধক লৈ সম্পূর্ণ তথ্য বিচৰাৰ লগতে এই ঔষধবিধৰ জৰিয়তে ক’ৰোনা ৰোগী সুস্থ হোৱাৰ বিজ্ঞাপনো নিষিদ্ধ ঘোষণা কৰিছে৷

You might also like