নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্থকাটাৰেৰে কঢ়িয়ালে ক’ৰোনা ৰোগীৰ মৃতদেহ

নিয়মীয়া বার্তা, ২৮ জুনঃ অন্ধ্র প্রদেশত ৭২ বছৰীয়া ক’ভিড–১৯ ৰোগীৰ মৃতদেহ আর্থকাটাৰেৰে কঢ়িওৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ শ্রীপাকুলাম জিলাম পালাছা টাউনৰ এগৰাকী প্রাক্তন পৌৰ নিগমৰ কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটাৰ পিছতেই তেওঁৰ গৃহৰ পৰা অন্তিম সৎকাৰৰ বাবে মৃতদেহটি আর্থকাটাৰেৰে কঢ়িয়াই নিছিল৷ স্থানীয় লোকসকলৰ ভয়–শংকাৰ বাবেই এনেধৰণৰ অমানৱীয় কার্য সংঘটিত কৰা বুলি ছ’চিয়েল মিডিয়াত এই দৃশ্য সম্প্রচাৰ হোৱাৰ পিছতেই ৰাজ্যখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷

ইয়াৰ পিছতেই ক্ষুণ্ণ মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডীয়ে এই ঘটনাত জড়িত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে এই গৰিহণাযোগ্য ঘটনাটিত জড়িত দুই বিষয়াক নিলম্বিত কৰা হৈছে৷ অমানৱীয় ঘটনাত জড়িত থকা পালছা পৌৰ নিগমৰ আয়ুক্ত নগেন্দ্র কুমাৰ আৰু অনাময় পৰিদর্শক এন ৰাজীৱক শীঘ্রে কার্যকৰী হোৱাকৈ নিলম্বিত কৰা হৈছে৷ নিলম্বিত কৰাৰ পিছত এই ঘটনাৰ তদন্তৰো নির্দেশ দিয়া হৈছে৷ উল্লেখ্য যে যোৱা ২৪ জুনত একেখন জিলাতেই ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটা এগৰাকী মহিলাৰ মৃতদেহ শ্মশানলৈ কঢ়িয়াই নিছিল টেক্টৰেৰে৷ এই ঘটনাক লৈও প্রতিক্রিয়া সৃষ্টি হৈছিল যদিও প্রশাসনে বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল৷ কিন্তু পুনৰ আন এক অমানৱীয় কার্যৰে মৃতদেহ কঢ়িওৱাৰ পিছত মুখ্যমন্ত্রীগৰাকীয়ে নিজেই ঘটনাক লৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিয়ে৷

You might also like