নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ভেজাল গাখীৰ, দুগ্ধজাত সামগ্রী ঘৰে ঘৰে যোগান ধৰিব ফার্মলী ফ্রেছে

ফার্মলী ফ্রেছৰ এয়া যুগান্তৰকাৰী পদক্ষেপঃ ৰিণিকি ভূঞা শর্মা

নিয়মীয়া বার্তা, ২৮ জুনঃ মহানগৰবাসীক বিশুদ্ধ গাখীৰ, দৈ, ক্রীম আৰু গাখীৰৰ পৰা তৈয়াৰী অন্যান্য নির্ভেজাল সামগ্রী ঘৰে ঘৰে যোগান ধৰাৰ মানসেৰে ফার্মলী ফ্রেছ প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোৱে অভিলাষী পদক্ষেপ গ্রহণ কৰিছে৷ আজিৰে পৰা মহানগৰবাসীয়ে ঘৰতে বহি Farmly Fresh App অথবা হোৱাটছএপৰ জৰিয়তে বিশুদ্ধ গাখীৰ ক্রয় কৰিব পাৰিব৷ জ্যেষ্ঠ সাংবাদিক নন্দন প্রতিম শর্মা বৰদলৈৰ তত্ত্বাৱধানত এদল যুৱকে ব্যৱসায়ৰ লগতে সমাজসেৱা কৰাৰ বাবে এই যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে৷

তদুপলক্ষে কালি গুৱাহাটীৰ ৰুক্মিণীগাঁওস্থিত হোটেল শ্বুলিন গ্রেণ্ডত আয়োজিত এক অনুষ্ঠানত প্রতিষ্ঠানটোৰ এই কার্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই প্রতিষ্ঠানটোৰ এই পদক্ষেপৰ শলাগ লয়৷ তেওঁ লগতে দুগ্ধ উৎপাদকে সঠিক মূল্য আৰু উপভোক্তাসকলে নির্ভেজাল গাখীৰ নোপোৱাত গভীৰ উদ্বেগ প্রকাশ কৰি ফার্মলী ফ্রেছৰ এই যুগান্তৰকাৰী পদক্ষেপে ইয়াৰ অৱসান ঘটাব বুলি আশা প্রকাশ কৰে৷ তেওঁ কয়– ইয়াৰ বাবে প্রতিষ্ঠানটোৰ বিষয়ববীয়াসকলে উপভোক্তাৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ প্রতিটো অভিযোগ গুৰুত্বসহকাৰে গ্রহণ কৰি ইয়াৰ সমাধানৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগিব৷

তদুপৰি প্রতিষ্ঠানটোৰ সৈতে জড়িত থকা প্রতিজন ব্যক্তিৰ কর্মস্পৃহা আৰু দক্ষতাৰ কথা ব্যক্ত কৰি তেওঁলোক এইক্ষেত্রত সফল হ’ব বুলি তেওঁ উল্লেখ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীয়েও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি উদ্যোক্তাসকলৰ পদক্ষেপৰ শলাগ লৈ তেওঁলোকৰ এই কর্মই শিশুৰ মানসিক বিকাশত সহায় কৰাৰ সমান্তৰালকৈ মহানগৰবাসীয়ে বিশুদ্ধ গাখীৰ আৰু অন্যান্য সামগ্রী পাবলৈ সুবিধা পাব বুলি মত ব্যক্ত কৰে৷ অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা ‘নিউজ লাইভ’ৰ পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে উদগনিমূলক ভাষণ আগবঢ়ায়৷ প্রতিযোগিতামূলক বজাৰত গ্রাহকসকলক কাৰিকৰী সহায়–সহযোগ আগবঢ়াবলৈ তেওঁ ফার্মলী ফ্রেছ কর্তৃপক্ষক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়৷

ফার্মলী ফ্রেছৰ সভাপতি বিষ্ণু শর্মাই আঁত ধৰা অনুষ্ঠানত সাংবাদিক নন্দন প্রতিম শর্মা বৰদলৈ আৰু গো-পালক সন্থাৰ সভাপতি কৃষ্ণ কাফলেই ভাষণ আগবঢ়ায়৷ উল্লেখ্য যে এই প্রতিষ্ঠানটোৰ বিশুদ্ধ গাখীৰৰ বাবে গ্রাহকে গুগল প্লে ষ্ট’ৰৰ পৰা Farmly Fresh App ডাউনলোড কৰাৰ লগতেwww.farmlyfresh.com ৱেবছাইটৰ জৰিয়তে অর্ডাৰ দিব পাৰিব৷ তদুপৰি গ্রাহকসকলে ৭৫৭৬৯–৪০১৩৩ নম্বৰত হোৱাটছএপৰ জৰিয়তেও প্রয়োজনীয় গাখীৰ আদি বুকিং কৰিব পাৰিব৷

You might also like