জালুগুটিৰ দুৰ্ভগীয়া পৰিয়ালৰ শিশুৰ দেহত মহাব্যাধি ৰোগ; সহায়ৰ আহ্বান পৰিয়ালৰ
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ মৰিগাঁও জিলাৰ জালুগুটিৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ বাৰ বছৰীয়া শিশুৰ দেহত মহাব্যাধি কৰ্কট ৰোগ দেখা দিয়াত সমস্যাৰ সৃষ্টি হৈছে পৰিয়ালটো ।
উল্লেখ্য যে যোৱা ২০১৪ চনৰ পৰা জালুগুটি টকুনাবড়ী গাঁৱৰ ইমাৰন হুছেইন নামৰ এটি পাঁচ বছৰীয়া শিশু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয় । পৰিয়ালৰ লোকে শিশুটিক গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসা কৰি আৰোগ্য পাইছিল । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত শিশুটিয়ে আকস্মিকভাৱে যোৱা ২০১৮ চনত পিতৃক হেৰুৱাব লগা হ’ল । পিতৃহাৰা পুত্ৰক বুকুত লৈ বিধৱা মাতৃ গৰাকীয়ে জীৱনৰ সকলো হেৰুৱাইও জীয়াই আছিল শেষ ভৰষা হিচাপে লৈ৷ কিন্তু বৰ্তমান ৬ষ্ঠ মানত অধ্যয়নৰত শিশুটি পুনৰ অসুস্থ হৈ পৰিল৷ এতিয়া ক’ত যাব কি কৰিব এই বিধৱা মাতৃ গৰাকী ৷ দিকবিদিক হেৰুৱাই এতিয়া বিচাৰিছে কোনো সু হৃদয়বান লোকৰ অকনমাণ সহায়৷ কাৰোবাৰ অকনমাণ সহায়ে হহি বিৰিঙাবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে মাতৃগৰাকীয়ে ।
ইতিমধ্যে এই খবৰটো পাই মৰিগাঁও জিলাৰ বাৰপুজীয়া উদীয়মান যুৱক দিপাংকৰ ৰাজবংশী অসহায় পৰিয়ালটোক কিছু আৰ্থিক সহায়ৰ হাত আগবঢ়াই ৰাইজ তথা চৰকাৰক পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে ।