নগাঁৱত পুনৰ ভ্ৰমণ বৃত্তান্ত নথকা ২ জনৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ৫৮২ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ক’ৰোনাৰ ভয়াৱহ গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে নগাওঁ জিলা। জিলাখনত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ৬ জনকৈ লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত আজি নগাওঁ চহৰৰ মাৰোৱাৰীপট্টিৰ বিকানেৰ জেমছ্ এণ্ড জুৱেলাৰীৰ মালিকৰ পুত্ৰ আৰু এজন কৰ্মচাৰীৰ ক’ভিড-১৯ পজিটিভ হোৱাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে।
প্ৰতিষ্ঠান খনৰ মালিকৰ পুত্ৰ হিমাংশু মহেশ্বৰী আৰু কৰ্মচাৰী পলাশ দেৱনাথ ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। গহনা প্ৰতিষ্ঠান খনৰ এই দুই গৰাকীৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত। কিছুদিন ধৰি অসুস্থ হৈ থকা এই দুই গৰাকীৰে ২১ জুনত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল।
আজি দুয়োৰে ক’ভিড পজিটিভ নিশ্চিত হোৱাৰ লগে লগে মাৰোৱাৰীপট্টিৰ লগতে সমগ্ৰ নগাওঁ চহৰত হাহাকাৰৰ সৃষ্টি হৈছে। এনেদৰে ইজনৰ পিছত সিজনকৈ ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ দেহত মহামাৰী ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা আতংকিত হৈ পৰিছে নগাওঁ বাসী। গণ সংক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে নগাঁৱৰ জনসাধাৰণ। আজি ক’ভিড পজিটিভ নিশ্চত হোৱা এই দুজন লোকক ইতিমধ্যে নগাঁৱৰ ক’ভিড-১৯ হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ইফালে প্ৰতিষ্ঠান খন কনটেইনমেণ্ট হোম হিচাবে ঘোষণা কৰাৰ লগতে প্ৰতিষ্ঠান খনৰ দাঁতি কাষৰীয়া ইউ আৰ ৰোড আৰু ভি আই পি ৰোডৰ একাংশ অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। এই একাংশ অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাত স্থানীয় একাংশ লোকে অসন্তুষ্টি প্ৰকাশ কৰি বিষয়টো পুনৰ বিবেচনা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে। ইপিনে আজি জিলাখনত নতুনকৈ ৭ জন লোক ক’ৰোনাত আক্রান্ত হৈছে।
ইয়াকে লৈ জিলাখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮২ জনলৈ বৃদ্ধি পালে। আজি নগাওঁ ভোগেশ্বৰী ফুকননী ক’ভিড-১৯ হস্পিতালৰ পৰা ১৩ জন ক’ৰোনাত আক্রান্ত লোক সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ অনুমতি দিছে স্বাস্থ্য বিভাগে। আজি দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ৮৬ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৪ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ২১ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ২৮ গৰাকী চিকিৎসাধীন হৈ আছে।