নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাময় পথৰ ওপৰত কঠিয়া ৰোপণ কৰি অভিনৱ প্ৰতিবাদ; বিধায়ক নুৰুল হুদা মুৰ্দাবাদ ধ্বনিৰে উত্তপ্ত জুৰীয়া

নিয়মীয়া বাৰ্তা, ২৮ জুন : নিজ সমষ্টিতে বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি একাংশ ভোটাৰ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আজি ৰূপহীহাটৰ সমষ্টিৰ জুৰীয়াৰ সমীপৰ ধিংবৰি চাপৰিৰ ৰাইজে দীৰ্ঘদিন ধৰি ভীষণ সমস্যাৰ সন্মুখীন হৈ অহা এটা বিধস্ত তথা বোকাময় পথ মেৰামতিৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে পথৰ ওপৰত কঠিয়া ৰোপন কৰি বিধায়ক নুৰুল হুদা মুৰ্ধাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

  উল্লেখ্য যে ধিংবৰি চাপৰিৰ উক্ত পথেৰে দৈনিক শ শ জনতাৰ লগতে সৰু বৰ গাড়ী মটৰ আহ যাহ কৰে। জুৰীয়া বজাৰকে ধৰি অন্যান্য অঞ্চললৈ যোৱা এইটোৱেই একমাত্ৰ পথ। এনে ক্ষেত্ৰত পথটোচোৱাত প্ৰকাণ্ড প্ৰকাণ্ড গাত থকাৰ বাবে এজাক বৰষুণ আহিলেই গাত বোৰ হৈ পৰে বৃহৎ পুখুৰী সদৃশ। ফলত প্ৰতিদিনেই সংগঠিত হয় বিভিন্ন দুৰ্ঘটনা। কিন্তু কানসাৰ নাই স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্থানীয় বিধায়ক গৰাকীৰো।

 ইপিনে, উক্ত পথচোৱা মেৰামতিৰ নামত ঠিকাদাৰ আৰু জিলা গড়কাপ্তানি বিভাগৰ একাংশ বিষয়াই লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

You might also like