নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত নতুনকৈ ১৯৫ জনৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ৭৪৯২ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩২৭ জন আক্ৰান্ত হৈছে ক’ৰোনাত । যাৰ ভিতৰতে গুৱাহাটীত পোহৰলৈ আহিছে ১৯৫ টা ক’ৰোনা আক্ৰান্তৰ ঘটনা ।

ইয়াৰ লগে লগে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৭৪৯২ জনলৈ বৃদ্ধি পায় । ইপিনে এতিয়াও বিভিন্ন চিকিৎসালয়ত ২৩৯০ জন লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

বিপৰীতে ৫০৮৮ জন ক’ৰোনা আক্ৰান্ত ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে । অৱশ্যে দেওবাৰে পুনৰ এজন লোক আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত ৰাজ্যত এই ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পায় ।

You might also like