নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নগালেণ্ড সীমান্তত নিশা খটখটী আৰক্ষীৰ অভিযান; ব্ৰাউন চুগাৰ সহ ২ জনক আটক

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ কাৰ্বি আংলংৰ খটখটী আৰক্ষীয়ে নিশা চলোৱা এক অভিযানত অসম-নগালেণ্ড সীমান্তৰ লাহৰীজানৰ দুদু কলনিৰ এটা গৃহৰ পৰা ড্ৰাগছ সহ দুই ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰে ৷

আটকাধীন দুজন হ’ল নগাঁও চলচলিৰ মহম্মদ জামলুদ্দিন আৰু কৰিমগঞ্জৰ মহম্মদ আৰিফ আলি ৷ আৰক্ষীয়ে সৰৱৰাহকাৰী দুটাৰ পৰা দুটা প্লাষ্টিকৰ পেকেট আৰু চাৰিটা চাদাৰ টেমা উদ্ধাৰ কৰে য’ত ড্ৰাগছ সমূহ সুমোৱাই ৰাখিছিল ৷ আৰক্ষীয়ে এই ড্ৰাগছ খিনি ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰিছে যাৰ মূল্য লক্ষাধিক ৷

উল্লেখ্য যে সীমান্তৰ লাহৰীজানৰ দুদু কলনিত একাংশ সন্দেহজনক নাগৰিকৰ সঞ্চালন আৰু অৱস্থানৰ জৰিয়তে ড্ৰাগছ,অবৈধ মৰণাস্ত্ৰ আৰু বিভিন্ন অপৰাধজনিত ঘটনাৰে সমগ্ৰ অঞ্চলটোকে অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱেক্ষিত কৰি তুলিছে ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত নিশা চলা এই অভিযানত কৰায়ত্ত হোৱা দুই সৰৱৰাহকাৰীক খটখটী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

You might also like