নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান আৰু টিংৰাই চাৰিআলিৰ ৩ জনৰ দেহত ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ৩০ জুন : হোম কোৱাৰেন্টাইন হৈ থকা দুলীয়াজানৰ দুগৰাকী ব‍্যক্তিৰ দেহত ক’ভিড পজিটিভ লগতে ডিব্ৰুগড় ইষ্ট এণ্ড হোটেলত কোৱাৰেন্টাইনত থকা টিংৰাই চাৰিআলিৰ আন এগৰাকী ব‍্যক্তিৰ দেহতো ক’ভিড পজিটিভ পোৱা গৈছে ।

  জানিব পৰামতে কলকতাৰ পৰা অহা দুলীয়াজান অইল চেটলমেন্ট অঞ্চলৰ বিজুমণি গগৈ নিজা আৱাসতে কোৱাৰেন্টাইন হৈ আছিল । সেইদৰে শ্লামবাজাৰ প্ৰতিষ্ঠানত কৰ্মৰত অময় কুমাৰ ঝা  ভূপালৰ পৰা আহি দুলীয়াজান জেবি’জ হোটেলত কোৱাৰেন্টাইন হৈ থকাৰ লগতে টিংৰাই চাৰিআলিৰ যুৱক সাধৱ উপাধ‍্যায় বাংগালোৰৰ পৰা আহি ডিব্ৰুগড় ইষ্ট এণ্ড হোটেলত কোৱাৰেন্টাইন হৈ আছিল । ভ্ৰমণ বৃত্তান্ত থকা কেওজনে যোৱা ২৪ জুনত বিমানযোগে আহি ডিব্ৰুগড় বিমানবন্দৰতে ছোৱাব পৰীক্ষা সম্পন্ন কৰিছিল ।

কালি ৰিজাল্ট পজিটিভ লাভ কৰাত নিশাই দুলীয়াজানত কোৱাৰেন্টাইন হৈ থকা ব‍্যক্তি দুগৰাকীক টেঙাখাট খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্হ‍্যকৰ্মীয়ে প্ৰশাসনৰ উপস্থিতিত অসম মেডিকেল কলেজ হাস্পতাললৈ ১০৮ ৰ যোগেদি প্ৰেৰণ কৰাৰ লগতে গৃহ–হোটেল আৰু স্থানীয় নিৰ্দিষ্ট অঞ্চল প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰে । আনহাতে একেনিশাই ডিব্ৰুগড় হোটেলৰ পৰাও পজিটিভ ৰোগীগৰাকীক মেডিকেললৈ প্ৰেৰণ কৰা হয় ।

You might also like