নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তদন্তকাৰী ডি জি এম এছৰ সন্মুখত অইলৰ নিলম্বিত বিষয়াক মুখ নুখুলিবলৈ কৰ্তৃপক্ষৰ উপৰ্যপুৰি হেচাঁ

নিয়মীয়া বাৰ্তা,  ৩০ জুন : যোৱা ২৭ মে’ত অকল্পনীয়ভাৱে সংঘটিত অইল ইণ্ডিয়াৰ বাঘজান বিজিআৰ-৫ ৰ ব্ল’-আউট ঘটনাক কেন্দ্ৰ কৰি কেইবাটাও তদন্তকাৰী দলে নিজাববীয়াকৈ আৰম্ভ কৰা তদন্তত এতিয়া থৰহৰি কম্পমান হৈছে সন্দেহযুক্ত অইল ইণ্ডিয়াৰ একাংশ বিষয়া-বৰ্গ । তদন্তকাৰী সংস্হাৰ সন্মুখত যাতে বাঘজান কাণ্ডৰ প্ৰকৃত ৰহস্য ফাদিল হ’ব নোৱাৰে তাৰবাবে গৰিমামণ্ডিত ৰাজহুৱা প্ৰতিষ্ঠানটোৰ একাংশ উৰ্ধতন কৰ্তৃপক্ষই চল বল কৌশল সকলো প্ৰয়োগ কৰাৰ এক ভিতৰুৱা খৱৰ আহি পৰিছে ।

  উল্লেখ্য যে ব‍্যৱসায়ীক দিশটোৰ উপৰি শ্ৰমিকৰ কল‍্যাণ, জনস্বাস্হ‍্য ইত‍্যাদি দিশবোৰ পৰ্যবেক্ষণ কৰাৰ লগতে উদ‍্যোগজনিত দূৰ্ঘটনা আৰু কাৰকসমূহ চিনাক্ত কৰা অনুসন্ধানকাৰী সংস্হা কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ অধীনস্থ “ডাইৰেক্টৰেট জেনেৰেল অৱ মাইনছ চেফটি” অৰ্থাৎ চমুকৈ ডি জি এম এছ-ৰ তদন্তৰ আওতাত ইডি পিএছ অতীন্দ্ৰ ৰয়চৌধুৰীৰ পাছতেই সোমাই পৰিছে বাঘজান কাণ্ডক লৈ নিলম্বিত বিষয়াদ্বয় অইল এণ্ড গেছ প্ৰডাকচন চাৰ্ভিছ ( অ’জিপিএছ) ৰ মুখ্য অভিযন্তা বিদ‍্যুৎপৱন দাস আৰু ড্ৰিলিং ইনচাৰ্জ দেৱজিত দাস । উচ্চস্তৰীয় সূত্ৰ অনুসৰি তদন্তৰ মেৰপেচঁত সোমাই পৰিছে কোম্পানীৰ বিভাগীয় আন বহু সন্দেহজনক বিষয়াও ।

 তাৎপৰ্যপূৰ্ণ যে জন এনাৰ্জি নামৰ অইল ইণ্ডিয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দুবছৰীয়া ঠিকাভিত্তিকভাৱে তিনিচুকীয়া জিলাত অৱস্হিত বাঘজান বিজিআৰ-৫ ত চলাই থকা ৱৰ্কঅভাৰ ৰিগটোৰ কাম কাজ তৃণমূল পৰ্য‍্যায়ত পৰিচালনাৰ দায়িত্বত আছিল অইল ইণ্ডিয়াৰ ড্ৰিলিং ইনচাৰ্জ দেৱজিত দাস, মুখ্য অভিযন্তা বিদুৎপৱন দাসৰ লগতে জন এনাৰ্জীৰ ৰিগৰ ইনচাৰ্জ ৰঞ্জিত ধাদুমীয়া আৰু অন‍্যান‍্য। ইফালে বাঘজান ব্ল’আউট ঘটনাক কেন্দ্ৰ কৰি সংবাদমাধ‍্যমৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱ আৰু বিভিন্ন দল-সংগঠনৰ দাবীত অইল ইণ্ডিয়াই ঘটনাৰ সময়ত গেছ খাদটোৰ দায়িত্বত থকা অইলৰ দুই বিষয়া দেৱজিত দাস আৰু বিদ‍্যুৎপৱন দাসক মৌখিকভাৱে নিলম্বন কৰিবলৈ বাধ‍্য হয় ।

 সূত্ৰ অনুসৰি শেহতীয়াভাৱে অনুসন্ধানকাৰী সংস্হা ডিজিএমএছৰ তদন্তৰ আওতাত সোমাই পৰা উক্ত দুই নিলম্বিত বিষয়াৰ গতিবিধিক লৈ আশ্বস্ত হ’ব পৰা নাই তদন্তকাৰী দলটোৱে । সেয়ে বাৰম্বাৰ সোধপোচ চলাইছে দুই নিলম্বিত বিষয়াৰ ওপৰত তদন্তকাৰী দলটোৱে । উচ্চস্তৰীয় সূত্ৰ অনুসৰি অইলৰ নিৰ্ধাৰিত কাৰ্য‍্যবিৱৰণী এচ অ’ পি অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ভংগ কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নত মুখ খোলা নাই দুই নিলম্বিত বিষয়াই । কাৰ নিৰ্দেশত এচ অ’ পি ভংগ কৰাৰ গুৰুতৰ সিদ্ধান্ত লোৱা হৈছিল সেই প্ৰশ্ন এতিয়াও সাঁথৰ হৈয়ে আছে স্বয়ং তদন্তকাৰী সংস্হাৰ সন্মুখতো । উল্লেখযোগ্য যে এচ অ’ পিত নিৰ্ধাৰিত বি. তালিকাত অন্তৰ্ভুক্ত অপাৰেচনেল ষ্টেপছৰ ৪ নম্বৰত থকা Waiting on Cement (WOC) 48 hours ৰ সলনি ১৪ ঘন্টাৰ ভিতৰত গেছ খাদটোৰ ৱৰ্কঅভাৰ চলোৱা পৰিণতিতে প্ৰাৰম্ভিক অৱস্হাত ব্ল-আউট আৰু পৰৱৰ্তী পৰ্য‍্যায়ত অগ্নিকাণ্ডৰ দৰে ভয়াবহ ঘটনা সূত্ৰপাত হোৱা বুলি বিভিন্ন মহলে সন্দেহ পোষণ কৰি আহিছে । ঘটনাক্ৰমে নিলম্বিত বিষয়াই তদন্তকাৰী দলৰ সন্মুখত প্ৰকৃত ঘটনাৰ সন্দৰ্ভত মুখ নোখোলাৰ আঁৰত অইলৰ একাংশ উৰ্ধতন কৰ্তৃপক্ষৰ উপৰ্যুপৰি হেচাঁ প্ৰয়োগ বুলি ভিতৰুৱা সূত্ৰৰ মতে জানিব পৰা গৈছে । এফালে তদন্তকাৰী দলটোৰ কাষলৈ তাঁতবাটি আনফালে এফ-১ গেষ্ট হাউচত চলিছে দুই বিষয়াদ্বয়ৰ ওপৰত আন এক মানসিক হেচাঁ । নিলম্বিত বিষয়াই যাতে কোনো দোষী উৰ্ধতন কৰ্তৃপক্ষৰ নাম ল’ব নোৱাৰে তাৰবাবে অইলৰ শীৰ্ষ মহলে এই হেচাঁ প্ৰয়োগ কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ চাকৰি ক্ষেত্ৰতো যাতে হেঙাৰ নহয় তাৰো আশ্বস্ত প্ৰদান কৰাৰ খৱৰ উচ্চস্তৰীয় ভিতৰুৱা সূত্ৰৰ যোগেদি লাভ কৰা গৈছে । এইক্ষেত্ৰত তদন্তকাৰী সংস্হাৰ চকুত ধূলি দি বাঘজান ঘটনাৰ আঁৰৰ প্ৰকৃত দোষীক আঁৰ-বেৰ দিয়াৰ কূট কৌশল একাংশ উৰ্ধতন বিষয়া-বৰ্গৰ । সৰ্বোপৰি এক তৃতীয় শক্তিৰ দ্বাৰা নিৰপেক্ষ ভুমিকা অৱলম্বন কৰা তদন্তকাৰী দলটোক মোটা অংকৰে প্ৰলোভিত কৰাৰো প্ৰচেষ্টা চলাই থকাৰ ভিতৰুৱা তথ‍্য যোগান ধৰিছে নিৰ্ভৰযোগ্য সূত্ৰটোৱে । প্ৰশ্ন উত্থাপন হয় যদিহে এচ অ’ পি ভংগ কৰাৰ ক্ষেত্ৰত উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ নাছিল তেন্তে মুখ‍্য মহাপ্ৰৱন্ধকৰ হৈ উপ মহাপ্ৰৱন্ধকে ইছ‍্যু কৰা অইল ইণ্ডিয়াৰ খাদ সম্পৰ্কীয় নিৰ্ধাৰিত কাৰ্য‍্যৱিৱৰণী অৰ্থাৎ এচ অ’ পি ভংগ কৰাৰ অধিকাৰ কনিষ্ঠ বিষয়াই ক’ত পালে ? যদিহে তদন্তকাৰী দলটোৰ দৃষ্টিত মুখ নোখোলা নিলম্বিত বিষয়া দুগৰাকীয়েই দোষী সাব‍্যস্ত হয় তেন্তে দেশৰ সম্পদ বিনষ্ট কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি আইনীৰ আওতাত অপৰাধ সম্পৰ্কীয় বিচাৰ চলিব নে ?

  আনফালে উচ্চস্তৰীয় সূত্ৰৰ অনুসৰি যোৱা ২৭ জুন অৰ্থাৎ শনিবাৰ সন্ধিয়ালৈ এফ-১ অতিথিশালাত অনুষ্ঠিত বাঘজান সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতেই একাংশ শীৰ্ষ বিষয়াৰ উপস্থিতিত বিভাগীয় বিষয়া-গণে ৰং-তামাচা চলোৱাৰ অভিযোগ আহি পৰিছে । বাঘজান কাণ্ডক লৈ একাংশ বিষয়াই সৰ্বসাধাৰণ দৃষ্টিত ঘঁৰিয়ালৰ চকুপানী টুকি আনফালে শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি স্বাচ্ছন্দ্য সময় পাৰ কৰা বিষয়াগণৰ এনেধৰণৰ কাণ্ডত অইলৰ আন এচাম বিষয়াই সহজভাৱে ল’ব পৰা নাই । অইল ইণ্ডিয়াৰ ভিতৰচ’ৰাত চলি থকা এইধৰণৰ কাণ্ডত এতিয়া বাঘজানবাসীৰ শোকৰ তাপে প্ৰকৃত দোষীক চুব পাৰিবনে তাক লৈও সন্দেহ উপজিছে বিভিন্ন মহলত ।

You might also like