আঞ্চলিক নাহৰকটীয়াৰ বিজেপিৰ যুৱ নেতা তৰংগ গগৈৰ নিঃস্বজনলৈ সহায়ৰ হাত অচিন ৰোগত আক্ৰান্ত নয়নমণি By নিয়মীয়া বাৰ্তা On Jun 30, 2020 Share নিয়মীয়া বাৰ্তা, ৩০ জুন: এক অচিন ৰোগত আক্ৰান্ত এগৰাকী ষোড়শী যুৱতী । শৰীৰৰ বিষ-বেদনাতকৈ দূগুণ মানসিক পীড়াত ভুগি থকা যুৱতীগৰাকী নাহৰকটীয়া সমষ্টিৰ চাচনীৰ ২নং দলামুৰী গাওঁৰ নিৱাসী টংকেশ্বৰ বাইলুং আৰু ৰাণু বাইলুংৰ মাজু কন্যা নয়নমনি বাইলুং । এটা বছৰৰ পূৰ্বে নয়নমণিৰ মুখমণ্ডলত সংক্ৰমণ ঘটিছিল কোনো অচিন ৰোগে । এই ৰোগত আক্ৰান্ত হৈ নয়নমণিৰ শৈক্ষিক ভৱিষ্যত আদি সকলো আধৰুৱা হৈ ৰ’ল । ভাঙি পৰা নয়নমণিক তুলি ধৰিবলৈ পিতৃ-মাতৃৰো অশেষ চেষ্টা । দিন-হাজিৰা কৰি পেট প্ৰৱৰ্ত্তোৱা নয়নমণিৰ চিকিৎসাৰ বাবে গাঁঠিৰ ধন উজাৰি দিয়া হ’ল । হালৰ গৰু, মাটি-বাৰী সকলো বন্ধকী গ’ল । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে দিয়া পুঁজিৰো নয়নমণিৰ চিকিৎসাৰ নামতে ব্যয় কৰা হ’ল । সকলো উজাৰি দিয়াৰ পাছতো নয়নমণি আগৰ দৰে সুস্হ হৈ নুঠিল । একমাত্ৰ ঘৰৰ ভেঁটিটোৰ বাদে সকলো বিক্ৰী কোঙা হৈ পৰা পিতৃ-মাতৃৰ হাতত একোৱেই ন’ৰল । দিকবিদিক হেৰুওৱা পৰিয়ালটোৰ চকুত নয়নমণিয়ে নেদেখাকৈ মাথোঁ চকুপানী । পৰিয়ালটোৰ এনেহেন নিঃস্ব অৱস্থাত সুহৃদ হৈ কাষত থিয় দিলে বিজেপি যুৱ মৰ্চাৰ উপ সভাপতি তৰংগ গগৈ । নয়নমনিৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি নয়নমণিক নগদ ২১ হাজাৰ টকা প্ৰদান কৰে যুৱ নেতাগৰাকীয়ে । ইফালে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নয়নমনিৰ চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ লগতে হাস্পতালত নিজেই উপস্থিত হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ গোস্বামী, ডাঃ অজন্তা হাজৰিকা আৰু ডাঃ ভাস্কৰ গগৈক লগ ধৰি যুৱ নেতা গৰাকীয়ে নয়নমণিৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে একো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাই । ইফালে আধৰুৱা হৈ থকা পৰিয়ালটোৰ বাসগৃহ এসপ্তাহৰ ভিতৰত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ইতিমধ্যে ঘৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিছে যুৱ নেতা গৰাকীয়ে । সেইদৰে নয়নমণিলৈ আগবঢ়োৱা বিভিন্নজনৰ মৰম সহানুভূতিত নয়নমণি এতিয়া কিঞ্চিৎ সুস্থ হৈ পৰা লক্ষণে দেখা দিছে । দুখৰ কালত পৰিয়ালটোৰ কাষত থিয় দিয়া বিজেপিৰ যুৱ নেতা তংৰগ গগৈৰ এই মহানুভৱতাই পৰিয়ালটোক ভালেখিনি সকাহ প্ৰদান কৰাৰ লগতে অঞ্চলবাসীয়ে শলাগ লৈছে স্থানীয় যুৱনেতাগৰাকীৰ মানৱীয় কাম কাজক । Share