নিয়মীয়া বাৰ্তা ৩০ জুনঃ ক’ৰোনা ত্ৰাসৰ মাজতে দক্ষিণ কামৰূপৰ আমতলা গাঁৱৰ এটি পৰিয়াললৈ নামি আহিল কাল অমানিশা । কোনোমতে এখন গেলামাল দোকানত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ পৰিয়ালটো পোহপাল দি আহিছিল আমতলা গাঁৱৰ জয়ন্ত বৰা (৫১) নামৰ লোকজনে । উল্লেখ্য যে ৬ মাহ আগৰ পৰা অসুস্থ হৈ আছিল জয়ন্ত । যেতিয়া চিকিৎসকক দেখাই পৰীক্ষা নিৰিক্ষা কৰে তেতিয়া জানিব পাৰে তেওঁৰ হেনো দুয়োটা কিডনি বিকল হৈছে । পৰিয়ালৰ মুৰব্বী হিচাপে উপাৰ্জন কৰা একমাত্ৰ মানুহজনৰ এই খবৰ লাভ কৰাৰ লগে লগে তেওঁৰ বৃদ্ধা মাতৃ-পত্নীৰ যেন মূৰত শৰগ খহি হে পৰিল যেন তেনে অৱস্থা হৈছে । যিহেতু তেওঁৰ সন্তান দুটি একেবাৰে সৰু । ল’ৰা জনৰ বয়স ৯ বছৰ আৰু ছোৱালী জনীৰ বয়স ৮ মাহ । এই ক্ষেত্ৰত পৰিয়ালকে চাব নে তেওঁৰ নিজৰে চিকিৎসা কৰিব । ইতিমধ্যে তেওঁ ঘৰত থকা সা-সম্প্ৰতি বিক্ৰী কৰি চিকিৎসাৰ বাবদ কেবা লাখ টকা খৰচ কৰিলে । সম্প্ৰতি বিক্ৰী কৰিবলৈ কোনো ধৰণৰ স্থাবৰ-অস্থাবৰ সম্পত্তি নাই ।
আজি তেওঁ নিয়মীয়া বাৰ্তাৰ সাংবাদিকৰ আগত অসুস্থ দেহাৰে কান্দি কান্দি কয় মোৰ জীয়াই থাকিবৰ মন যায় । মোক স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সহায় কৰক তাৰ বাবে মন্ত্রী গৰাকীক নিয়মীয়া বাৰ্তাৰ জৰিয়তে কাতৰ আহ্বান জনাই । লগতে পত্নী আৰু বৃদ্ধা মাতৃয়ে ও স্বাস্থ্য মন্ত্রী গৰাকীক সহায় কৰাৰ বাবে কাতৰ আহ্বান জনাই । এই লোকজনক মন্ত্রী গৰাকীয়ে কিদৰে সহায় কৰে সেয়া সময়তহে হ’ব লক্ষণীয় । উল্লেখ্য যে কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে একাউন্ট নং ৫০১৯০০০০৩৯৫৩৮১ আৰু আই এফ এছ চি কোড নং এন ই এছ এফ ০০০০০৭২ নম্বৰত সাহায্য প্ৰদান কৰিব পাৰিব । লগতে কোনো লোকে যোগাযোগ কৰিব বিচাৰিলে ৯৬৭৮২৬৫২৩২ নম্বৰত যোগাযোগ কৰিব পাৰিব ।