জয়পুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন এজন যুৱক
নিয়মীয়া বাৰ্তা, ৩০ জুন: সম্প্ৰতি ৰাজ্যত মহামাৰী ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধিৰ সময়তে দুলীয়াজানৰ কাষৰীয়া জয়পুৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰে এজন যুৱক ।
ছোৱাব টেষ্টৰ ৰিপৰ্ট অহাৰ আগতেই কেন্দ্ৰটোৰ পৰা যুৱকজন পলায়ন কৰা ঘটনাই এতিয়া অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে । বাইপন কুমাৰ নামৰ এই পলাতক যুৱকজন ডিব্ৰুগড় বিবেক হোটেলত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া গা ধুবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন । ইফালে দিল্লীৰ পৰা যোৱা ২৬ জুনত ৰাজধানী এক্সপ্ৰেছ যোগে আহি ডিব্ৰুগড় বাণীপুৰত ছোৱাব প্ৰদান কৰাৰ পিছত প্ৰশাসনে জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ পঠাইছিল উক্ত যুৱকজনক ।
ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কেন্দ্রটোৰ ভাৰপ্ৰাপ্ত বিষয়া জেহিৰুল হুছেইনে জয়পুৰ আৰক্ষী থানাত গোচৰ দিয়াৰ লগতে স্থানীয় দণ্ডাধীশ বিক্ৰম চেত্ৰী কেন্দ্ৰটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।