নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ আমলখী চাহবাগিচাত ১৮০৩ টা বাসগৃহ নিৰ্মাণৰ অভিলাষী আচঁনিৰ শুভাৰম্ভ :ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ৩০ জুনঃ “অসমৰ সকলো চাহ শ্ৰমিকেই চৰকাৰী আবাস গৃহ লাভ কৰিব। প্ৰাৰম্ভিক ভাবে অসম চাহ নিগমৰ অধীনৰ ১৫ খন চাহ বাগিচাৰ ১৯০৩ টা পৰিয়াললৈ বিনামূলীয়া আবাস গৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ অনুদানেৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনস্থ অসম চাহ নিগম লিমিটেডৰ সৌজন্যত নিগমৰ ১৫ খন চাহ বাগিচাত চাহ শ্ৰমিক সকলৰ বাবে এই অভিলাষী আঁচনি লোৱা হৈছে। আমি আবাস গৃহ নিৰ্মাণৰ লগতে চাহ শ্ৰমিকৰ পৰিয়াললৈ একোটাকৈ শৌচালয়, বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ লগতে ৪ টাকৈ বিনামূলীয়া এল ই ডি বাল্ব দিয়াৰ ব্যৱস্থাও কৰি দিম। চাহ শ্ৰমিক সকললৈ আগবঢ়োৱা এই গৃহ উন্নত মানদণ্ডৰে নিৰ্মাণ কৰা হ’ব। চাহ শ্ৰমিকৰ এই গৃহ যাতে আদৰ্শ গৃহ ৰূপে দেশত স্বীকৃতি লাভ কৰে। চাহ শ্ৰমিকৰ সমস্যা সমূহ সমাধানৰ ব্যৱস্থা পূৰ্বৰ কোনো এখন চৰকাৰেই নোলোৱা কথাটোত আমি আচৰিত হ‌ওঁ। ১৯৫২ চনৰ পৰাই প্ৰায় ৫৫ বছৰ কাল শ্ৰমিক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁলোকৰ সমস্যা সমূহ উপলব্ধি নকৰিলে। আমি আন্তৰিকতাৰে উপলব্ধি কৰি সমস্যা সমূহ সমাধানৰ চেষ্টা চলাইছো। তেওঁলোকে সামাজিক ভাৱে ন্যায় পাব লাগিব। ” – এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । নগাঁও জিলাৰ আমলখি চাহ বাগিচাত চাহ শ্ৰমিকৰ বাবে ১৯০৩ টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলা শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয়, ” চাহ শ্ৰমিক সকল সুযোগৰ সন্ধানত আছিল।

বহু প্ৰতিভা থকাৰ পাছতো আগবাঢ়িব পৰা নাছিল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেৱল ভোট বেংক হিচাবেই তেওঁলোকক ব্যৱহাৰ কৰি আহিছে ।  আমি আন্তৰিকতাৰে তেওঁলোকৰ লগত থাকি সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰিছোঁ। আমাৰ চৰকাৰ গঠন হোৱাৰ পাছৰ পৰাই চাহ শ্ৰমিক সকলক কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ বাবে নতুন পৰিকল্পনা হাতত লোৱা হৈছিল  ৷ বিগত সময়চোৱাত দিল্লী আৰু অসমত শাসন চলোৱা কংগ্ৰেছ চৰকাৰ খনে চাহ শ্ৰমিক সকলৰ সমস্যা সমাধান নকৰিলে  ৷ মাত্ৰ কংগ্ৰেছ চৰকাৰে ভোট বেংকৰ স্বাৰ্থত চাহ শ্ৰমিক সকলৰ সমস্যাৰ কথাহে ক’লে কিন্ত বাজেটত ধন ধাৰ্য্য নকৰিলে

যাৰ ফলত চাহ শ্ৰমিক সকলৰ সমস্যা সমস্যা হৈয়ে থাকি গ’ল ৷ আমি চাহ শ্ৰমিক সকলৰ আৰ্থসামাজিক দিশটো সৱল কৰিবলৈ এক নতুন পৰিকল্পনা কৰিছো ৷বাজেটত চাহ শ্ৰমিক সকলৰ বাবে আমি নতুন নতুন বিভিন্ন আচঁনি হাতত লৈছো ৷ যাতে চাহ শ্ৰমিক সকলৰ সমস্যাবোৰ সমাধান কৰিব পাৰো । ” অসম চাহ নিগম লিমিটেডৰ অধ্যক্ষ অমিয় কুমাৰ বৰাই আঁত ধৰা এই সভাত মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয়, ” অসম চাহ নিগমক ভৱিষ্যতে আমি আগশাৰীৰ স্বাৱলম্বী উদ্যোগ হিচাপে গঢ় দিয়াৰ মানসেৰে আগবঢ়াই নি আছো। আমি লাভজনক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ নিগমৰ সকলো শ্ৰমিক বিষয়া কৰ্মচাৰীয়ে আন্তৰিকতাৰে কাম কৰিব লাগিব। প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আবাস গৃহৰ আঁচনি পূৰ্বৰ কোনো এখন চৰকাৰেই লোৱা নাছিল। আজি আধাৰশিলা স্থাপন অনুষ্ঠানটোত কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষান, সাংসদ পল্লৱলোচন দাস, কামাখ্যা প্ৰসাদ তাচা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অসম চাহ নিগম লিমিটেডৰ  উপাধ্যক্ষ সীমান্ত দীগালকে বিজেপি নেতা দিল্পুৰঞ্জন শৰ্মা কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ লগতে চাহ জনজাতি বিষয়ববীয়া সকল উপস্থিত থাকে ৷

You might also like