নিয়মীয়া বাৰ্তা, ১ জুলাইঃ বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৫৭২ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে ।
যাৰ ভিতৰত ৩৮০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ বুলি পৰীক্ষাত ধৰা পৰিছে ।
ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৮৪০৭ জনলৈ বৃদ্ধি পায় ।
ইপিনে ইয়াৰে ভিতৰত ৫৬৪৭ গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠিছে ।
লগতে বৰ্তমানলৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ ।