আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, কেতিয়াৰ পৰা পালন কৰা হৈছে এই চিকিৎসক দিৱস
নিয়মীয়া বাৰ্তা ১ জুলাইঃ আজি চিকিৎসক দিৱস। এই চিকিৎসক দিৱস ভাৰত চৰকাৰে ১৯৯১ চনত প্ৰথম উদযাপন কৰিছিল। জুলাই ১ তাৰিখে ড০ বিধান চন্দ্ৰ ৰয়ৰ মৃত্যু বাৰ্ষিকী দিনা চিকিৎসক দিৱস পালন কৰা হয়। ড০ বিধান চন্দ্ৰ ৰয় কেৱল চিকিৎসকেই নহয় পশ্চিম বংগৰ মুখ্য মন্ত্ৰীও আছিল। ড০ ৰয় প্ৰসিদ্ধ শিক্ষাবিদৰ ওপৰিও মুক্তি যোদ্ধাও আছিল। ৰয়ে মহাত্মা গান্ধীৰ সৈতে স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিছিল।
চিকিৎসক দিৱস আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা তথা দায়িত্ব পালন কৰাৰ চিকিৎসক সকলক প্ৰশংসা লগতে কৃতজ্ঞতা হিচাপে পালন কৰা হয়। এই গুৰুত্বপূৰ্ণ দিনটোত সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰা আৰু মূল্যৱান কাৰ্য সম্পৰ্কে সচেতন কৰা হয়।এই দিনটোতেই সমগ্ৰ দেশতে চিকিৎসা পৰামৰ্শ কেন্দ্ৰ, পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি চিকিৎসক দিৱস পালন কৰা হয়।