নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত ২ কোভিড পজিটিভ : জাগীৰোডৰ বহা-বৰজাৰীত গণ সংক্ৰমণৰ আশংকা

নিয়মীয়া বাৰ্তা, ২ জুলাইঃক’ৰোনা ভাইৰাছে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে জাগীৰোডতো ক’ভিদ ১৯ ৰ গণ সংক্ৰমণৰ আশংকা কৰিছে সচেতন মহলে ৷ আমাৰ হাতত পৰা তথ্য মতে জাগীৰোড সমষ্টিৰ অন্তৰ্গত বহা-বৰজাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দেহত ক’ৰোনা ভাইৰাচৰ অৱস্থিতি ধৰা পৰিছে। কোনো ভ্ৰমন বৃত্তান্ত নথকা কুশল শইকীয়া নামৰ ব্যক্তিজন কোভিড পজিটিভ বুলি জানিব পৰাৰ লগে লগেই ৰজাকুছিৰ লগতে বহা বৰজাৰী গাওঁখনত আতংকময় পৰিবেশ বিৰাজ কৰিছে ৷ ইতিমধ্যে স্বাস্থ্যবিভাগে চিকিৎসালয় খন আৰু ৰজাকুছি গাঁৱত থকা কুশল শইকীয়া থকা ভাৰা ঘৰখনো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে। লগতে কেৰেলাৰ পৰা অহা মানিপুৰ বিষ্ণুৰাভা হাইস্কুলত কোৱাৰেন্টাইনত থকা মায়ঙৰ হাতীভাঙী গাঁৱৰ আশুতুষ বিশ্বাসৰ দেহতো কভিড পজিটিভ পোৱা গৈছে। চিন্তনীয় কথাতো এয়ে যে আশুতোষ নিজ গৃহলৈ অহাৰ পিচতে ফলাফল ওলাল কভিড পজিটিভ বুলি । এই ঘটনা পোহৰলৈ অহাৰ পিচত সমগ্ৰ মায়ং অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে ।

You might also like