নিয়মীয়া বাৰ্তা ৩ জুলাইঃ আমচৈ অঞ্চলৰ হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বুঢ়াৰজা গাঁৱত ৩ জুলাইৰ পুৱা ৮ টা মান বজাত কর্ণ ডেকা নামৰ এগৰাকী ৪০ বছৰীয়া বিবাহিত মানুহে সামান্য ঘৰুৱা কথাতে পত্নী কল্পনা ডেকাক ডিঙিত দাৰে ঘপিয়াই হত্যা কৰে। কর্ণ ডেকাই নিজ ঘৰৰ চোতালতে এই দুষ্কাৰ্য কৰে। প্রত্যক্ষদর্শীৰ মতে ডিঙিত কর্ণ ডেকাই দাৰে তিনি চাৰি ঘাপ দিয়াৰ লগে লগে কল্পনা ডেকাই চোতালত বাগৰি পৰে আৰু মৃত্যু বৰণ কৰে। এই হত্যা কাণ্ডৰ সংবাদ পোৱাৰ লগে লগে আমচৈ আৰু ৰহা আৰক্ষী অহাৰ উপৰি ৰহাৰ চক্ৰ বিষয়া প্রিয়ঙ্কা বণিয়া ঘটনা স্থলীত আহি উপস্থিত হৈ কর্ণ ডেকাক গ্ৰেপ্তাৰ কৰে। পিছত আৰক্ষীৰ দলে কল্পনা ডেকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে। জানিব পৰা মতে মৃত কল্পনা ডেকাৰ পিতৃগৃহ দীঘলবড়ীত। মৃত্যুৰ সময়ত কল্পনা ডেকাই এটি প্রায় দহ বছৰীয়া পুত্ৰ সন্তান এৰি থৈ যায়।