নিয়মীয়া বাৰ্তা,৩ জুলাই:পেট্ৰল, ডিজেলৰ লগতে অত্যাবশ্যকীয় খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্র সন্থাৰ আহবান মৰ্মে বিশ্বনাথ জিলা ছাত্র সন্থাই বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আজি বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টত সামাজক দূৰত্ব বৰ্তাই কেন্দ্রীয় পেট্রোলিয়াম মন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ যোগান মন্ত্রী ফণীভুষণ চৌধুৰীৰ পুট্টুলিকা দাহ কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, ধৰ্মেন্দ্ৰ প্ৰধান হুচিয়াৰ, যোগান মন্ত্রীৰ কাম নাই, সৰ্বানন্দ সোনোৱাল গ’ বেক আদি চৰকাৰবিৰোধী শ্ল’ গানেৰে পৰিবেশ উত্তাল কৰি তুলি অতিশীঘ্রে পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত বিশ্বনাথ জিলা ছাত্র সন্থাই জংগী আন্দোলন গঢ়ি তুলিব বুলি প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়ানী প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সদৌ বিশ্বনাথ জিলা ছাত্র সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, উপ-সভাপতি মঃ আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভাস্কৰ চমুৱা, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৰজ ভূঞা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লক্ষ্যজিৎ শইকীয়া, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুনীল গোৱালাকে আদি কৰি ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকে।