নিয়মীয়া বাৰ্তা ৩ জুলাইঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বনত আজি মৰিগাঁও জিলা ছাত্ৰ সন্থাই পেট্ৰল-ডিজেল আৰু খাদ্যবস্তুৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । মৰিগাঁও নগৰৰ মাজ মজিয়াত আজি মৰিগাঁও জিলা ছাত্র সন্থাই মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সন্থাৰ কৰ্মীসকলে সামাজিক দূৰত্ব আৰু অন্যান্য স্বাস্থ্য বিধি মানি চলি হাতে হাতে শ্লোগান লিপিবদ্ধ প্লেকাৰ্ড লৈ থিয় হয় আৰু চৰকাৰবিৰোধী শ্লোগানেৰে মুখৰ কৰি তোলে মৰিগাঁও নগৰৰ মাজমজিয়া । জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে এক বিবৃতিযোগে সদৰী কৰে যে চৰকাৰৰ এনে জনবিৰোধী স্থিতি কোনো কাৰণত মানি লোৱা নহ’ব । মূল্যবৃদ্ধি ৰোধ হ’বই লাগিব । পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ অদক্ষতাক ৰাইজে ক্ষমা নকৰে । এই প্ৰতিবাদ কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই উষ্মা প্ৰকাশ কৰি কয় যে ক’ভিডৰে সৈতে যুঁজি থকা ৰাইজক পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ শোধাই চৰকাৰ দুখনে প্ৰমাণ কৰি দিলে যে তেওঁলোক দুখীয়াৰ প্ৰতি দায়িত্বজ্ঞানহীন আৰু বৃহৎ পুঁজিপতি গোষ্ঠীৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰা পুতলাহে । এই চৰকাৰ দুখন অনাগত দিনত যে ৰাইজৰ ৰোষৰ বলি হ’ব সেইয়া খাটাং ।