নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিএমপিকেৰ উদ্যোগত ৰাইজে বাঁহৰ দলং নিৰ্মাণ কৰিলে দিখাৰী নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰা আৰচিচি কালভাৰ্ট

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ যোৱা ২৪ জুনত দিখাৰী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ তেলাম গাঁও পঞ্চায়তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপুৰ জামুগুৰী পিএমজিএছৱাই পথৰ লুহিতপৰীয়া তিনি আলিৰ আৰচিচি কালভাৰ্টটো বিধ্বস্ত কৰি পেলায় । যাৰ ফলত ৰ তেলাম গাঁও পঞ্চায়তৰ লগতে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ অঞ্চলৰে যাতায়তত ভীষণ সমস্যাৰ সৃষ্টি হৈছিল । টিএমপিকেৰ তেলাম আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত বিধ্বস্ত হৈ পৰা আৰচিচি কালভাৰ্টটোত বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াই বানপীড়িত অঞ্চলৰ ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে । বিধ্বস্ত হৈ পৰা আৰচিচি কালভাৰ্টটোৰে যাতায়ত ব্যৱস্থা
সুচল কৰি তুলিবলৈ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু আৰু মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ আশ্বাস দিয়া বুলি স্থানীয় ৰাইজে সদৰী কৰিছে ।

You might also like