১১৭ জন অসম আৰক্ষীৰ বিষয়া-জোৱানৰ দেহত ক’ৰোনা
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ অসম আৰক্ষীত ক’ৰোনাৰ ত্ৰাস । বৰ্তমানলৈকে ৰাজ্যত শতাধিক আৰক্ষী আক্ৰান্ত হৈছে ক’ৰোনাত ।
এই পৰ্যন্ত ১১৭ জন অসম আৰক্ষীৰ লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি পোৱা গৈছে । ইপিনে আজিৰ দিনটোতে ২৬ জন আৰক্ষীৰ লোকে সুস্থ হৈ উঠিছে । ইয়াৰে ৮৬ গৰাকী আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত বুলি জানিব পৰা গৈছে ।
আনহাতে ১১৩২ গৰাকী আৰক্ষীক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে ।
উল্লেখ্য যে আৰক্ষীৰ এই আক্ৰান্ত বিষয়া-জোৱানসকলক পৃথককৈ চিকিৎসা প্ৰদান কৰা হ’ব ।
As on July 3rd 2020 – @assampolice 117 personnel have tested positive for COVID-19, 26 have recovered. 1132 are in quarantine. The health of all police personnel is good. @DGPAssamPolice @nhm_assam @CMOfficeAssam
— GP Singh (@gpsinghassam) July 3, 2020