নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ ধেমাজি জিলাৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত তেলাম গাওঁ পঞ্চায়তত আজি অকাজানস্থিত গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰ ( আৰভিচি)ৰ উদ্যোগত ছেভ দা চিলড্ৰেনৰ সহযোগত আৰু নকিয়াৰ অৰ্থ সাহাৰ্য্যত ৩০৪ গৰাকী হিতাধিকাৰীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। তেলাম অৰিয়েন্টল ইংলিছ স্কুলত অনুষ্ঠিত কৰা খাদ্য সামগ্ৰী বিতৰণী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তেলাম গাওঁ পঞ্চায়তৰ সভাপতি মুহিকান্ত পেগুৱে ৷ কাৰ্যসূচীত উপস্থিত থাকি মুখ্য তদাৰক তথা গ্ৰাম্য স্বেচ্ছাসেৱক কেন্দ্ৰ (আৰভিচি )ৰ সম্পাদক ধৰ্মৰাজ কাৰ্কীয়ে কয় যিহেতু ক’ভিড-১৯ ৰ বাবে বিভিন্ন অঞ্চলৰ বহু দৰিদ্ৰ পৰিয়াল বিশেষকৈ দূৰলৈ গৈ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়াল সমূহক সকাহ দিবৰ বাবে মানৱ হিতৈষী সঁহাৰি নামে ছেভ দা চিলড্ৰেনৰ সহযোগত আৰু নকিয়াৰ অৰ্থ সাহাৰ্যত আৰভিচিয়ে ধেমাজি জিলাত ২০ খন গাঁৱত ৩০০০ টা পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰা হব বুলি মন্তব্য কৰে৷ আজি বিতৰণ কৰা খাদ্য সামগ্ৰীত চাউল ২৫ কেজি, ৰহৰ দাইল ১ কেজি, মগু দাইল ১ কেজি, সৰিয়হ তেল ২ লিটাৰ, নিমখ ১ কেজি, চেনী ২ কেজি, ধনীয়া গুড়ি ১০০ গ্ৰাম, হালধি ২০০ গ্ৰাম, জলকীয়া গুড়ি ২০০ গ্ৰাম, পিয়াঁজ ৩ কেজি, আৰু আলু ৫ কেজিকৈ বিতৰণ কৰে৷ সাহাৰ্য্য সামগ্ৰী বিতৰণী কাৰ্য্য সুচীত তেলাম গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা কনকলতা পেগু, চৰকাৰী লাট গাওঁ বুঢ়া খৰ্ক বাহাদুৰ বিশ্বকৰ্মা উপস্থিত থকাৰ লগতে গ্ৰাম্য স্বেচ্ছাসেৱক কেন্দ্র(আৰভিচি )ৰ গাণিতিক কৃষ্ণ ছেত্ৰী,ক্ষেত্ৰ পৰ্য্যবেক্ষক দিলিপ মিলি,ব্যৱস্থাপক ব্ৰজ্ব দেউৰী , কৰ্মী গডউইন হেমৰম আৰু বৃন্দাবন বৰুৱা উপস্থিত থাকে৷