নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণ সংক্ৰমণৰ আশংকাত ৰাইজ ত্ৰস্ত্ৰমান; ছিপাঝাৰত পুনৰ দুজন চিনাক্ত ক’ভিড আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৩জুলাই: ভয়াবহ গণ সংক্ৰমণৰ দিশলৈ আগবাঢ়িছে ছিপাঝাৰ।আজি দুগৰাকী লোক কভিড১৯ আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছৰে পৰা সংশ্লিষ্ট এলেকাদুটাত ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ।কাৰণ নতুনকৈ চিনাক্ত হোৱা দূয়োগৰাকীৰেই নাই ভ্ৰমণ বৃতান্ত।

তদুপৰি কোৱাৰেন্টাইনত থকাৰ বিপৰীতে সাধাৰণ আৰু মুক্ত ভাবে চলাচল কৰিছিল দূয়োগৰাকীয়ে।ইয়াৰে এগৰাকী হল ছিপাঝাৰৰ লাওজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট হিতেশ চহৰীয়া আৰু আনগৰাকী মাৰুৱাচকী এলেকাৰ ৰূপন আলী।উল্লেখযোগ্য যে আজি চিনাক্ত হোৱা দুয়োগৰাকী লোকৰেই শ্লেষৰ নমুনা ২৫জুনত সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে।জিলাখনৰ দুমুনীচকীত জিলা স্বাস্থ্য বিভাগে স্হাপন কৰা বহিৰাজ্যৰ পৰা অহা লোকৰ পৰীক্ষণ কেন্দ্ৰত কৰ্তব্য ৰত আছিল দুয়োগৰাকীয়ে।ফাৰ্মাচিষ্ট গৰাকীয়ে স্বাস্থ্য পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্ৰহৰ দায়িত্বত থকাৰ লগতে আনগৰাকী ৰূপন আলী অস্হায়ী ক্লীনাৰ কৰ্মী হিচাপে উক্ত দিনা নিয়োজিত আছিল।সেইদিনাই সংগ্ৰহ কৰা হৈছিল শ্লেষৰ নমুনা।

ইফালে স্বাস্থ্য বিভাগৰ লোক গৰাকী চিনাক্ত হোৱাৰ পিছত হাহাকাৰ লাগে লাওজান অঞ্ছলত।কালি পৰ্যন্ত চিকিৎসা লয়ত কৰ্তব্য কৰিছিল হিতেশ চহৰীয়াই।তদুপৰি চিকিৎসা লয়লৈ অহা বিভিন্ন লোকৰ স্পৰ্শলৈ আহিছিল।অৱশ্যে ততাতৈয়াকৈ ২৫জূনত দুমুনীচকীৰ স্ক্ৰীণিং কেন্দ্ৰত দায়িত্বত থকা সকলক হোম কোৱাৰেন্টাইন কৰখৰ লগতে লাওজান স্বাস্থ্য কেন্দ্ৰৰ আনগৰাকী ফাৰ্মাচিষ্টকো কোৱাৰেন্টাইন কৰা হয়।লোকজন যিহেতু গৃহ এলেকাতো মুক্ত বিচৰণ কৰি আছিল সেয়ে বুঢ়া ত ছেনিটাইজ কৰা হয়,আৰু ঘৰখন কণ্টেইন্টমেন্ট জন কৰা হয়।তদ্ৰপ মাৰুৱাচকীতো গ্ৰহণ কৰা হয় একে ব্যৱস্থা।

You might also like