এজাৰৰ সৌন্দর্যই মোক হাতবাউলি মাতে
আমিনগাঁৱত ৰাষ্ট্রীয় পথৰ দাঁতিত বৃক্ষৰোপণ ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ কামৰূপ জিলা প্রশাসনৰ উদ্যোগত আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ উদ্যোগত ৩১নং ৰাষ্ট্রীয় ঘাইপথ সেউজকৰণৰ উদ্দেশ্যে শুকুৰবাৰে অসমৰ শিক্ষা, বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমিনগাঁৱত বৃক্ষৰোপণ কৰে৷ পুুৱা গছপুলি ৰোপণ কৰি নষ্টালজিক হৈ পৰে মন্ত্রী ড০ শর্মা৷ এজাৰ ফুলৰ পুলি ৰোপণ কৰি মন্ত্রীগৰাকীয়ে কয় যে এজাৰৰ সৌন্দর্যই সদায়ে তেওঁক হাতবাউলি মাতে৷ এজাৰৰ সৌন্দর্যক লৈ শিল্পীৰ অমৰ সৃষ্টিও ৰোমন্থন কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বন মহোৎসৱ ২০২০ উপলক্ষে আমিনগাঁও উৰণীয়া সেতুৰ তলত অনুষ্ঠিত বৃক্ষৰোপণ কার্যসূচীত উপস্থিত থাকে বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্রী ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতা, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিক, জিলা পৰিবহণ বিষষা গৌতম দাস, বেজেৰা খণ্ড উন্নয়ন বিষয়া অপূর্ব কুমাৰ বৰুৱা, কামৰূপৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন কার্যালয়ৰ কার্যবাহী অভিযন্তা বলেন কলিতা৷ উল্লেখ্য যে বেজেৰা উন্নয়ন খণ্ডৰ অধীনস্থ আগডলা গাঁও পঞ্চায়ত, লাচিতগড পঞ্চায়ত, শৰাইঘাট পঞ্চায়ত আৰু ধোপাতাৰী গাঁও পঞ্চায়তৰ তদাৰকত এই ৰাষ্ট্রীয় ঘাইপথ সেউজকৰণ সম্পূর্ণ কৰা হ’ব বুলি জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া অপূর্ব কুমাৰ বৰুৱাই জানিবলৈ দিয়ে এই প্রতিবেদকক৷