নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান সাহায্য নাপালে জোনাইৰ জলডুবি নলনি পাম গাঁৱৰ পাঁচটাকৈ বানাক্ৰান্ত পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ জোনাইৰ বেৰাচাপৰি, লুহিজানৰ এক বৃহত্তৰ অঞ্চল চিয়াং লালী নদীৰ বাঢ়নী পানীৰ কবলত। সংহাৰী বানত এই অঞ্চলৰ বানাক্ৰান্ত লোকসকলে নিজৰ ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছিল। যোৱা দুদিন মানৰ পৰা বৰষুণৰ পৰিমান কমি অহাত বৰ্তমান পানী হ্ৰাস পাইছে যদিও এই সমুহ অঞ্চলত বানাক্ৰান্ত ৰাইজে আজিও নিজা ঘৰলৈ উভতি যাব পৰা নাই৷

কাৰণ অঞ্চলটোৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হৈ উঠা নাই। মথাউৰিৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজক খাদ্যৰ বাবে, বিশুদ্ধ খোৱা পানী, পিন্ধিবলৈ এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। জোনাই মহকুমা প্ৰশাসনে বানপীড়িত তথা মথাউৰিৰ ওপৰত আশ্ৰয় লোবা বানাক্ৰান্ত ৰাইজক দুবাৰকৈ সাহাৰ্য প্ৰদান কৰিছে৷ কিন্ত এইয়া পৰ্যাপ্ত নহয়৷ এই বান সাৰ্হায্য প্ৰদান কৰাত কিছু বিসংগতি হোৱা বুলি অভিযোগ উথাপন কৰিছে মথাউৰিত আশ্ৰয় লোৱা বৰ্নাত্যই৷ বান সাৰ্হায্য নাপালে জলডুবি গাঁৱৰ ৫ টাকৈ পৰিয়ালে।

জানিব পৰা মতে লোহিত দত্তৰ পৰিয়ালৰ ৬ জন , ৰতন গগৈৰ পৰিয়ালৰ ৬ জন, ফুলমনি মুণ্ডাৰ এজন , অজিত মুণ্ডাৰ পৰিয়ালৰ ৩ জন আৰু ফুলেশ্বৰ সিংহৰ পৰিয়ালত ৬ জন বৰ্নাত্যই চৰকাৰী বান সাহাৰ্য্য পৰা বঞ্চিত হৈছে ৷ বঞ্চিত পৰিয়াল সকলে অভিযোগ কৰা মতে একেখন গাৱঁৰ ৰাইজে দুবাৰকৈ চৰকাৰী বান সাহায্য পাইছে কিন্তু এই পাঁচক টা পৰিয়ালৰ ২২ জন লোকৰ চৰকাৰী সাহাৰ্য্য পৰা নাম কৰ্তন কৰা হৈছে সেই কাৰনে চৰকাৰী সহাৰ্য্য পোৱা নাই৷

You might also like